ভগা ৰাজ্য নিজ হাতে গঢ়িলে পুনৰ;
জানা আৰু মৰ্ম্মব্যথা নোপোৱাহেতেন
মন্ত্ৰীবৰে অকস্মাৎ ৰোগৰ শয্যাত,
নহ'লহেতেন এনে অকাল মৰণ।
মন্ত্ৰীৰ লগতে গ’ল মুক্তি অসমৰ।
আন ফালে স্বাৰ্থপৰ, দ্ৰোহী স্বদেশৰ
বিজাতিৰ পদলেহী বদন ফুকন
জীয়াই থাকিলে আৰু নিজীয়ে ইজাতি।
তুমি যোদ্ধা, তুমি বীৰ স্বাধীন জাতিৰ,
বুজা তুমি স্বাধীনতা দেৱ-আশীৰ্বাদ;
তোমাৰো জড়িত ভাগ্য অসমৰে স'তে।
সিকাৰণে সানুনয়ে কৰোঁ অনুৰোধ
অসমবাসীৰ হকে,—কৰাঁ উপকাৰ;
বধ কৰি বদনক উদ্ধাৰাঁ অসম।”
ভূমি ছুই, কাণ ঢাকি ক'লে ৰূপচিঙে,-
“ক্ষমিব দাসক মাতৃ, ধৰোঁ চৰণত,
অসম্ভব কাৰ্য্যভাৰ নিদিব কান্ধত।
মই তো নহওঁ ভৃত্য ব্যক্তি-বিশেষ,
ভৃত্য সাম্ৰাজ্যৰ। ৰজা মন্ত্ৰী যেয়ে হোক,
নিবিচাৰি ভাল-মন্দ পালিম আদেশ।
ভৃত্য হ'ই লম অস্ত্ৰ বিৰুদ্ধে প্ৰভুৰ।
নুচটাৰ আৰু তেনে পাপ কাৰ্য্য ল'ই।
ৰাজমাৱে বাৰে বাৰে বুজালে বিস্তৰ;
যুক্তি দিলে নানাভাবে বৰবৰুৱাই,-