সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫২

অসমৰ বুৰঞ্জী

কছাৰী ৰজা আৰু আহোম ৰজাৰ মাজত বিস্তৰ লিখা-লিখি চলিছিল । নমুনাস্বৰূপে তাৰে খনদিয়েক তলত তুলি দিয়া যায় :-

 কছাৰী বীৰদৰ্প ৰজাই পত্ৰত লিখিলে, “তোমাৰ আমাৰ উকিল গতাগত প্ৰীতিৰ কাৰণে চলি গৈছে। তুমি এখন প্রীতিগোট ছেদ কৰি আমাৰ পত্ৰ অনাদৰ কৰি মজিন্দাৰক ফিৰাই পঠালা। আমি এখন পুনৰ নিৰ্ব্বন্ধত থাকি, ধৰমপথক স্মৰি, প্ৰীতিৰ কাৰণে উকিল-পত্ৰ পঠাওঁ। পূর্ব্ব নির্ব্বন্ধে অভেদ প্ৰীতিৰ কাৰণে যেমনে দিনে দিনে প্রীতিক পাই তেমনখান কৰিবা । ” – “দেওধাই অসম বুৰঞ্জী,” ৮৪ পৃষ্ঠা।

 আহোম ৰজা চুত্যিংফা স্বৰ্গদেৱে প্ৰত্যুত্তৰত লিখিলে, “পূৰ্ব্বাপৰেও আমাৰ হেড়ম্বেশ্বৰ খাপিত-সঞ্চিত যেহেতু, সেইহেতু তোমাৰ আমাৰ প্ৰীতি গোট চলি গৈছে। এখন আমিও সেই অভেদ প্রীতিতে ৰৈছোঁ। তুমি যে উকিল অনাদৰ কৰি পঠাইল', হেন যে লেখিলা, স্থাপিত আৰু সঞ্চিত ব্যৱহাৰ পৰিত্যাগ কৰি পত্র যেখন পঠালা, তেখন তুমি প্ৰীতি ছেদ কৰিলা । এখন ধৰ্ম্মপথক স্মৰি পূৰ্ব্ব নিৰ্ব্বন্ধেৰে ব্যৱহাৰ হৈলে কিহৰ প্রীতিগোট নচলিব?” – “দেওধাই অসম বুৰঞ্জী,” ৮৫ পৃষ্ঠা।

 এই দৰে আৰু ভালেমান তর্ক-পত্ৰ আৰু কটকী চলাচল হোৱাৰ পাচত, সদৌশেহত, দুয়ো ৰজাৰ মাজত জীয়ৰী দিয়া-অনা হেতুবন্ধনেৰে কপটভাৱে বাহ্যিক মিলা-প্ৰীতি স্থাপিত হয় ।

 নগা ৰণ :- ১৬৫০ খ্ৰীষ্টাব্দত, লক্ষমা নগাবিলাকে বিদ্রোহ উপস্থিত কৰাত, সিহঁতক দমাবলৈ এবাৰ আহোম ফৌজ যাবলগীয়া হৈছিল। তাৰ পাচত, নগাহঁতে আকৌ আগধৰি আহি আহোমৰ ৰাজ্যত উৎপাত ঘটাবলৈ ধৰিলে । এইবাৰো সিহঁতক অসমীয়া সেনাই দমাই থৈ আহিলগৈ। কিন্তু, নগাহঁতে সিমানতো দাঁতি-কাষৰৰ আহোম ৰাজ্যত উৎপাত-উপদ্ৰৱ কৰিবলৈ নেৰিলে। সেই কাৰণে, বছৰ দিয়েকৰ পাচত, আহোম স্বৰ্গদেৱে, ডফলা যুঁজাৰু লগত দি, অসমীয়া সেনাপতিক নগাপৰ্ব্বত আক্ৰমণ কৰিবলৈ পঠিয়ালে। সেই ৰণত নগাহঁত ঘাটি পলাল । আৰু নগাৰ গাম বা ৰজা কিম্বা শাসনকৰ্ত্তাবিলাক আহোম ৰজাৰ শৰণাগত হ'লহি ।

স্বৰ্গদেৱ চুতালা ওৰফে জয়ধ্বজ সিংহ

চুতামূলা স্বৰ্গদেৱে, ১৬৫৪ (১) খ্ৰীষ্টাৰত, সিংহাসনত উঠিয়েই হিন্দুমতে জয়ধ্বজ সিংহ নাম লয়। তাৰ পাচত, তামৰ ফলিত লিখিত ভালেমান দেৱোত্তৰ মাটি স্থান কৰি, স্বৰ্গদেৱে গাউনীআটীয় আদি-অধিকাৰ গোস্বামী নিৰঞ্জন বাগুত শৰণ লয়। আহোম স্বৰ্গদেৱৰ এৱেঁই পোন প্ৰথমে হিন্দুমতে শৰণীয়া হয়; সেই নাপাহতে, এওঁ 'শৰণীয়া ৰজা ' (১) অমিল, — চুধাফা ওৰফে খোষা-বজাৰ ৰাজত্বৰ কাল চাৰ এডোৱাৰ্ড গেইটৰ মতে ৫১ বছৰ : 'দেওয়াই ফুৰঞ্জীৰ লেখত २ : কানাथ, বচন, গুণাভিৰাম আৰু আমাৰ গণনা অনুসৰি ৫ ওপৰ, অৰ্থাৎ ৬০ বছৰ। সেই মতভোৰ ফলাফল সহ স্বৰ্গদেৱৰ ৰাজশ্বৰ কাল প্রথমপক্ষে ১৩৪৮ উটাৰৰপৰা থাক দ্বিতীয় পক্ষে ১৯৫৪ খ্রীষ্টাৰৰপৰা ধৰিছে। কিন্তু ১৬৬ চনত অ বর্ম হোৱাৰ পাচৰপৰা থাকে সব পক্ষ