সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
অসমৰ বুৰঞ্জী


সময়তে “নঙ্গঠা বুৰঞ্জীৰ খেল” (১) বুলি নতুনকৈ এটা খেল পতা হয়; নিলগৰ আক্ৰমণৰপৰা দেশ ৰক্ষা কৰিবৰ নিমিত্তে, ১৬১৭ খ্ৰীষ্টাব্দৰপৰা গুৱাহাটীত "বৰফুকন” নামেৰে শাসনকৰ্ত্তা নিগাজীকৈ ৰখাৰ নিয়ম কৰা হয়; ৰাণী ৰজা প্ৰমুখ্য লুকি, বনগঞা,ছয়গঞা, বগাই, পানতলীয়া, বৰ দুৱৰীয়া, ভোলাগঞা আৰু মকৰাপুৰীয়া এই ৯ ঘৰক "ৰজা-পোৱালি” নাম দিয়া হয়; বিখ্যাত মোমাইতামূলীক বৰবৰুৱা বিষয়া পতাত তেতিয়াৰপৰা নতুনকৈ “বৰবৰুৱা” বিষয়াৰ সৃষ্টি হয়; ৰাজভঁৰালৰ তত্বাৱধান কৰিবলৈ ভঁৰালী-বৰুৱা পতা হয়; আবৰ, মিৰি, ডফলা আদি পৰ্ব্বতীয়া জাতিবিলাকক বৰাই ৰাখিবৰ নিমিত্তে ঠায়ে ঠায়ে বহতা, কটকী আদি ৰাখিবলৈ নিয়ম কৰা হয়; কোচ আৰু আহোম ৰজাৰ সীমা ৰক্ষা কৰিবৰ নিমিত্তে মৰঙ্গিত “মৰঙ্গিখোৱা-গোহাঞি” বিষয়া পতা হয়; পূৰ্ব্বৰ বামুণী-কোঁৱৰবিলাকক আন-আন কোঁৱৰবিলাকৰে সৈতে একেলগ কৰি, “হিলৈদাৰী" নামেৰে এটা নতুন খেল পতা হয়; ৰহাত কোচ-ৰজাৰ ফালৰ বাতৰি জনাই থাকিবলৈ এজন “বহিয়াল-বৰুৱা”, জয়ন্তীয়াৰ বাতৰি জনাই থাকিবলৈ জাগিত “জাগিয়াল-গোহাঞি, আৰু কাজলীত জয়ন্তীয়া আৰু ডিমৰুৱাৰ বাতৰি জনাই থাকিবলৈ দুজন "কাজলীমুখীয়া-গোহাঞি" নামেৰে বিষয়া ৰখাৰ নিয়ম কৰা হয়।

 প্ৰধান প্ৰধান আলি:— গড়গাৱঁৰপৰা শিঙৰিঘৰলৈ যোৱ “বৰআলি”; গজপুৰৰপৰা গড়গাৱঁলৈকে “বৰ-আলি”; “চতাই আলি”; “জবকাৰ আলি”; “বকতাৰ আলি”; “পৰ্বতীয়া আলি”; “হাবিপৰা-আলি” ইত্যাদি।

 প্ৰধান প্ৰধান গড়:— মহঙ্গৰ গড়; চিনাতলি গড়; কটাৰিখামৰ গড়; চামধৰা গড়; ৰাজগড় (২); লাহদৈ গড়; কোটোহা গড়; মেড়া গড়; চোৱাতল গড়; ৰাঙ্গলী গড়; জামিৰগুৰি গড়; লখৌ গড় ইত্যাদি।

 দৌল,পুখুৰী ইত্যাদি:— তাওকাকৰ পুখুৰী; ৰূপহী পুখুৰী; দেৰগাওঁ দেৱালয়ৰ দৌল; দলৌগুৰি বাহৰ; নুমলী বাহৰ; ৰাঙলু বাহৰ; তাওফাক নগৰ; ৰূপহী নগৰ ইত্যাদি।

 বুদ্ধিস্বৰ্গনাৰায়ণ স্বৰ্গদেৱৰ দিনতে দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দিয়াৰ নিয়ম পোন্-প্ৰথমে চলোৱা হয়। চমুকৈ ক'বলৈ গ'লে, এই জনা স্বৰ্গদেৱৰ ৰাজত্বৰ কাল ভালেমান ডাঙ্গৰ আৰু অতি লাগতিয়াল ঘটনাৰে পৰিপূৰ্ণ। ওপৰত কোৱাৰ উপৰিও, ভালেমান সৎকৰ্ম্মৰ দ্বাৰাই ৰাজ্যৰ ভিতৰুৱা অৱস্থা আৰু সমাজৰ বহল উন্নতি সাধি,প্ৰতাপসিংহ নাম লৈ, খ্ৰী: ১৬৪৯ চনত, চুচেংফা স্বৰ্গদেৱ স্বৰ্গী হয়।


(১)বৰাগীৰ কৰ্ম্ম:— "দেশ দেশান্তৰে বেশ-ছদ্ম কৰি বৰাগী বা সন্ন্যাসীৰ বেশ ধৰি যায়, সেই সেই দেশৰ কি প্ৰকাৰে সোধ-পোছ ও দণ্ডবন্ধ কৰে আৰু স্ত্ৰী-পুৰুৰে কি প্ৰকাৰে বস্ত্ৰ-অলঙ্কাৰ পৰিধান কৰে তাৰ নমুনা দেখাব লাগে ও ক'ব লাগে। "— ৰায়বাহাদুৰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত,হৰকান্ত বৰুৱাৰ "আসাম বুৰঞ্জী", ৩৯ পৃষ্ঠা

(২)"উত্তৰে-দক্ষিণে জুৰি ৰাজ্যখনকে মেৰাই ৰাজগড় বন্ধালে। এই গড়কে বহ্মপুত্ৰৰ দক্ষিণ পাৰে লাহদৈ ও কোটোহাগড় বোলে। মাজোলী পাৰে মেৰাগড় বোলে। উত্তৰপাৰে চোৱাতল গড় বোলে। " — হৰকান্ত বৰুৱাৰ "আসাম বুৰঞ্জী", ৪০ পৃষ্ঠা