পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩১
আহোম ৰজাৰ ৰাজত্ব

গৈ বৰাহী আৰু মৰাণৰ ৰজা থামিখুমাৰ লগত মিত্ৰতা কৰি মৰাণৰ কুঁৱৰী চাৰি গৰাকী বিয়া কৰাই সিবিলাকৰে সৈতে বৈবাহিক সম্বন্ধ লগালে(১)। সৌমাৰত চুকাফাই সােমাওঁতে লগত খাওমুংক্লিংলিনলুন্‌মুং বুঢ়াগােহাঞি, থাওমুংকানঙ্গন বৰগােহাঞি প্ৰমুখ্যে ৮ আঠজন বিষয়াৰে সৈতে, ১০৮০ জন মাটি-ৰণুৱা, ৩০০ ঘোঁৰা-ৰণুৱা আৰু দুটা হাতী আনিছিল; লগত তিৰােতা সমূলি অনা নাছিল। পিচে, স্বৰ্গদেৱ চুকাফাই নিজ পৰাক্ৰমেৰে সৌমাৰৰ মটক, বৰাহী, মৰাণৰ ৰজা আদি সৰু সৰু শাসনকর্তাবিলাকক পৰাভূত কৰাৰ পাচত নামৰূপ, তিপাম, অভয়পুৰ, হাবুং, লিগিৰী গাওঁ, শিমলুগুৰি, নামডাং প্রভৃতি মৰাণ ৰাজ্য দখল কৰি, সদৌশেহত চৰাইদেওত নগৰ পাতি লৈ, তেওঁৰ ৰাজ্য ক্ৰমাৎ বঢ়াবলৈ ধৰিলে। তাত অলপ দিনৰ ভিতৰতে তেওঁৰ ক্ষমতা ইমান বাঢ়ি


তাৰ হাততে দেও-কুকুৰা দি পঠালে। বােলে, পাখি, ডেওনা, ঠোট, নখ, চাল, হাড়ক ৰজাই খাব। মঙ্গহ, আগমঙ্গহ পাচত খাব। পাচে সি আহি এই বুলি কলে, পাখি, ঠোট, হাড়, আমাৰ খাব দিছে। মঙ্গহ, আগমঙ্গহ তােমাক খাব দিছে। এই বুলি কলত ৰজাই থালে। আনৰবোৰ সি পুৰি খালে।পাচে ইন্দ্ৰে বােলে এই জখলা থাকিলে আগলৈকে এই ৰূপে আহিব বুলি জখলা গুচালে। পাচে খুনলাই ৰজা হৈ জৰাধৰাক (অস্পষ্ট) দেশসকল বৰাবলৈ পাঞ্চিলে। সি গৈ মানতৰা দেশত ৰজা হ’লগৈ। খুনলুং স্বৰ্গলৈ গৈছিল তেঞোৰ ঘৈণীয়েকৰ গৰ্ভত থাকিল। সেই কন্যা ৰজাৰ ভয়ত পলাই আছিল। পাচে বালক এটি জন্মিল। সেই লৰাটি সামৰ্থ্য হুই হাতীঙাস কাটি জীৱিকা কৰিছিল। খুনলাই ৰজা হুই ১০০ বছৰ ৰাজ্য ভোগ কৰিলে। পাচে পাত্ৰ-মন্ত্ৰী সকলেৰে সমালোচনা কৰি, বোলে, মোৰ যে পুত্ৰ নাই, ককাইৰ ঘৈণীয়েকৰ পুত্ৰ থাকিল, ক’লৈ গ’ল বিচাৰ কৰা যাওক। বিচাৰি নাপাওঁতে এটাএ কলে, বোলে, ঘাঁহৰ ভাৰ আনোতে কানত বাৰ নালাগে, বড় সুন্দৰো দেখি। এই বুলি কলত বিচাৰি আনি বোলে তই কোন, তোৰ মাৰ-বাপেৰ বা কোন? পাচে মাককো বিচাৰি আনি সুধিলত ভাতৃ-পুত্ৰ হেন জানি পুত্ৰৱতে ৰাখিলে।

 “পাচে খুনলাই মৃত্যু হ’লত তেঞে ৰজা হল। তেওঁৰ ১০০ পুত্ৰ জন্মিল। পাচে অনেক দিন ভোগ কৰি ১০ পুত্ৰক ৰাজ্য বিভাগ কৰি দি, বৰ পুতেকক মধ্যত ৰজা পাতি এঞো স্বৰ্গী হ’ল। পাচে তিনি পিড়িৰ পাচত মূল ধাৰাৰে সন্ততি ত্যাওচংলৈও ৰাজাএ বোলে ই দেৱতাৰ ৰাজ্য। প্ৰজা বৃদ্ধি নহব দেখি উত্তৰ পশ্চিম মুংখামুংজা ৰাজ্যলৈ গল। তাৰোপৰা মৰাণে খেদিলে। পাচে নৰা ৰাজ্যলৈ আহিল। নৰা ৰজাৰ পুত্ৰ নাইকোতে পুত্ৰৱতে ৰাখি জীয়েকক বিয়া গিলে। তেঞেতে হন্তে চুকাফা জন্মিল। এক বছৰৰ পাচত নড়া ৰাজাৰ পুত্ৰ জন্মিল, চুঞনফা নাম থলে।"

 “পাচে ঘোড়া ২ দুটা, কৰ ৭ সাতখন, (অস্পষ্ট) ৫ পাঁচ গজ, আগে বাপেকৰ লগতে অহা বুঢ়া গোহাঞি, পাঞ্চহাতীমূৰীয়া বড়ুৱা, চাখনলাক ৯, লাম্মাখক ১, কখ্ৰম ১, সুংজি ১, কাগুণ ২, থুনতু ১, এই ৯টা আৰু নড়া ৰজাকো অনুৱৰ্তী থকা ভালমানুহ গোটাচাৰেক চোমচেঙদেও হেঙ্গদান ২খান (তাৰ প্ৰভাৱ এখানি টোক্‌টোকালে মাছ, বহু, চৰাই মাৰিব পাৰি, এখানি যি দেশলৈ দাঙ্গে সেই দেশৰ লোক বশৱৰ্তী হয়)। দুই গোহাঞিৰ ২খন, পাচে হাতীমূৰীয়াৰ ৫ খন, তাত ৰঙা তামৰ টেকেলি ৩০৬ (তিনি কঠাকৈ চাউল সিজে একোটাত, এই প্ৰমাণে মানুহ ১০৮০ বুঝিব পাৰি)। এই সকল সহিতে নৰাৰ পৰা গুচি আাহি সৌমাৰত ৰাজ্য পাতিলেহি। পাচে নৰাও খেদি আহি দেখিলে বনফলা কেতুৰি বাটত কটা একো বেগতকৈ কেওঁ বাঢ়িছে। অধিক দিন হ’ল, নপাওঁ হেন জানি উভতি গল। এতেকেহে সেই খানিক এতিয়াও নড়া-ওভতা বোলে।"

 (১):- প্ৰফেচাৰ ৰায়বাহাদুৰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত ‘দেওধাই অসম বুৰঞ্জী,” অন্তৰ্গত “বাঁহগৰীয়া বুঢ়াগোহাঞিৰ বুৰঞ্জী,” ৯২, ৯৩, ৯৭ আৰু “বিবিধ খণ্ড বুৰঞ্জী” ১৯৫ পৃষ্ঠা আৰু “মৰাণ বুঢ়াগোহাঞি আৰু মৰাণ গোহাঞি বৰুৱা বংশাৱলী।”