পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
অসমৰ বুৰঞ্জী

কুসুম্বৰ ভূঞাই এটি অতি সুলক্ষণীয় পুত্ৰ লাভ কৰে। তেৱেঁই অসমৰ গৌৰৱৰ ধন ৺শ্ৰীশঙ্কৰদেৱ।

 শ্ৰীশঙ্কৰদেৱৰ জন্মৰপৰা ৩ দিনৰ পাচতে, তেওঁৰ মাতৃ সত্যসন্ধ্যাৰ পৰলোক হোৱাত, তেওঁ বুঢ়ীমাক খেৰসুতীৰ যত্নত ডাঙৰ-দীঘল হয়। ৺শঙ্কৰদেৱে সৰুৰেপৰা বল, যুক্তি, সাহ, জ্ঞান, ধৰ্ম ইত্যাদিত অসাধাৰণ প্ৰতিভাৰ চিন দেখুৱাইছিল। তেওঁ চেমনীয়া কালত খেদি গৈ বনৰ হৰিণা ধৰিছিল; ভাদমহীয়া ভৰপূৰ ব্ৰহ্মপুত্ৰ নদ সাঁতুৰি পাৰ হৈছিল। সজবুদ্ধি আৰু সৎসাহসতো তেওঁ এজন সেই কালত অদ্বিতীয় পুৰুষ আছিল। আন কি, তেওঁৰ জ্ঞানৰ চিনাকি পাই, সেই কালৰ লোকসকলে তেওঁক অৱতাৰী পুৰুষ বুলি মানিছিল। কালত, ৺শঙ্কৰদেৱৰ সেই সাধাৰণ প্ৰতিভা ধৰ্ম্মৰ জ্যোতিৰে জিলিকি উঠিল। আজিও অসমীয়াৰ ঘৰে ঘৰে তেওঁৰ ৰচিত কীৰ্তন-ভাগৱত আদি ধৰ্ম্মগ্ৰন্থই তেওঁৰ প্ৰতিভাৰ চিনাকি দিব লাগিছে। অসমত নিৰ্মল ভাগৱতী ধৰ্ম প্ৰৱৰ্ত্তোৱাটোৱেই শঙ্কৰদেৱৰ জীৱনৰ মহাব্ৰত আছিল। কামৰূপ আৰু সৌমাৰৰ কিয়দংশত সেই ধৰ্ম্ম বহুলকৈ প্ৰচাৰ হোৱাৰ পাচত, তেওঁ চুটিয়া ৰাজধানী ৰত্নপুৰলৈ যাত্ৰা কৰে। সেই যাত্ৰাতে আগৰ দিনৰ ভীষ্মক ৰজাৰ ৰাজধানী কুণ্ডিন্ নগৰৰপৰা শঙ্কৰদেৱে বাসুদেৱৰ মূৰ্ত্তি এখন লাভ কৰি আনেগৈ। তাৰপৰা আকৌ ভটিয়াই আহি, শঙ্কৰদেৱে উত্তৰপাৰে কমলা মুদৈৰ মাটিত এপষমান কাল বাহৰ পাতি আছিল। সেই ছেগতে তাত তেওঁ এখন শূদিৰীয়া সত্ৰ স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু, ৺শঙ্কৰদেৱৰ লোকান্তৰৰ পাচত হে তেওঁৰ সেই ইচ্ছা ফলৱতী হয়। পাচত, সেই কমলা মুদৈৰ মাটিতে "কমলাবাৰী সত্ৰ" স্থাপন কৰি, ৺শঙ্কৰদেৱৰ বংশৰ ৺পদ্মকান্ত ভূঞাক তাৰ অধিকাৰ পতা হয়। ইতিমধ্যত, শঙ্কৰদেৱে ১২ বছৰ কাল গঙ্গা, গয়া, কাশী, মথুৰা, বৃন্দাবন, প্ৰভাস, দ্বাৰাকা,পুৰী বা শ্ৰীক্ষেত্ৰ, ৰামেশ্বৰ প্ৰভৃতি তীৰ্থ ভ্ৰমণ কৰি আহেগৈ। ইয়াত বাজেও, ৺শঙ্কৰদেৱৰ অক্ষয় কীৰ্ত্তি অলেখ আছে; বিস্তাৰিত জীৱন চৰিত্ৰত সেইবোৰ বিস্তৰকৈ পোৱা যাব। ৺শঙ্কৰদেৱে নিজৰ অসাধাৰণ প্ৰতিভাৰ প্ৰভাৰে অসমবাসীক জিলিকাই তুলিছিল। তেওঁ সেই বাবে অসমত আজিও অলেখ ভক্তবৃন্দৰপৰা পূজা পাব লাগিছে। সদৌশেহত, জীৱনৰ মহাব্ৰত সাধন কৰি উঠি, কোঁচবেহাৰৰ ওচৰৰ ভেলাদাবা নামে ঠাইত, ১৫৬৯ খ্ৰীষ্টাব্দত জীৱন-লীলা সামৰি, শঙ্কৰদেৱ স্বৰ্গী হ’ল; কিন্তু তেওঁৰ নাম অসমত যাৱতচন্দ্ৰদিবাকৰ অমৰ হৈ ৰ'ল।

 মাধৱদেৱ:- ৺শঙ্কৰদেৱৰ শিষ্যবৰ্গৰ ভিতৰত ৺মাধৱদেৱ সবাতকৈ প্ৰধান। এৱোঁ এজন অসমৰ অসাধাৰণ সাহিত্যিক মহাকবি আৰু আধ্যাত্মিক মহাপুৰুষ। মাধৱদেৱ ৰচিত 'নামঘোষা', 'ভক্তিৰত্নাৱলী' প্ৰভৃতি গ্ৰন্থাৱলীয়ে আজিও তেওঁক এজন মহাপণ্ডিত আৰু মহাকবিৰূপে জীয়াই ৰাখিছে। ৺মাধৱদেৱ পোনতে ঘোৰ শাক্ত আছিল; পিচে, শঙ্কৰদেৱৰ লগত ধৰ্ম্মবাদত ঘাটি, তেওঁ ৺শ্ৰীশঙ্কৰত শৰণ ভজি, ভাগৱতী বৈষ্ণৱধৰ্ম্ম গ্ৰহণ কৰিলে। পাচলৈ মাধৱদেৱকো অৱতাৰী পুৰুষৰূপে ভক্তবৃন্দে পূজিৰলৈ ধৰিলে। ৺মাধৱদেৱে ১৫১৮ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰে, আৰু ১৫৯৬ খ্ৰীষ্টাব্দত তেওঁ স্বৰ্গী হয়। শঙ্কৰ-মাধৱৰ পূৰ্ব্বৱৰ্তী আৰু পৰৱৰ্ত্তী ডাক, মাধৱ-কন্দলী, অনন্ত-কন্দলি,