উত্তৰ-পছিমাঞ্চলৰ চেদী ৰাজ্যৰ ৰজা শিশুপালৰে সৈতেহে ৰুক্মিণীৰ বিয়া পাতিবলৈ মনস্থ কৰিছিল। শ্ৰীকৃষ্ণই ৰুক্মিণীৰ পক্ষৰপৰা তাৰ সম্ভেদ গুপ্তভাৱে পাই,দ্বাৰকাৰপৰা সসৈন্যে আহি, বলেৰে ৰুক্মিণীক হৰণ (১) কৰি, গান্ধৰ্ব্ব প্ৰথামতে কুণ্ডিন্ নগৰতে চন্দনগিৰিৰ নামনিত বিয়া কৰায়। এই কথা লৈ, তাতে ৰুক্মবীৰ আৰু তেওঁৰ মিত্ৰ-ৰজাসকলৰ লগতৰ এখন ঘোৰতৰ যুদ্ধ হয়। যুদ্ধত শ্ৰীকৃষ্ণই জয়লাভ কৰি, ৰুক্মিণীক লৈ,দ্বাৰকালৈ প্ৰস্থান কৰিলে। কক্সিণীয়েই শ্ৰীকৃষ্ণৰ ঘাই বিবাহিতা প্ৰথমা পত্নী (২) আছিল। বলেৰে হৰণ কৰি পত্নী গ্ৰহণ কৰাটো সেই কালত বৰ গৌৰৱৰ প্ৰথা আছিল।
বাণ-ৰজা- কামৰূপৰ শোণিতপুৰত, দৈত্যবংশী হিৰণ্যকশিপুৰ পৰিণাতি সুপ্ৰখ্যাত বলি ৰজাই, খ্ৰীঃ পূঃ ১৫০০ চনত, ৰাজত্ব কৰিছিল। বলি ৰজাৰ মৃত্যুৰ পিচত, সেই শতাব্দীৰ শেহছোৱাত, তেওঁৰ পুত্ৰ বাণ-ৰজা ৰাজপাটত উঠে।
বাণ ৰজাৰ বংশাৱলী:
কশ্যপ
|
হিৰণ্যকশিপু
|
প্ৰহ্লাদ
|
বিৰোচন
|
বলি
|
বাণ
|
ইন্দ্ৰদমন
|
ভলুকা
ইন্দ্ৰদমন প্ৰমুখ্যে বহু পুত্ৰ আৰু উষা নামেৰে এটি বৰ ৰূপৱতী কন্যা আছিল। বাণ-নৰপতিয়ে নিজ নগৰৰপৰা (৩) কুৰি ক্ৰোশৰ আঁতৰত 'উষা-নগৰ' নামেৰে এখনি সুন্দৰ নগৰ অগ্নিগড়েৰে সুৰক্ষিতকৈ পাতি তাতে উষাদেৱীক পৰম যত্নেৰে ৰাখিছিল। এতিয়াৰ তেজপুৰেই সেই নগৰ। আৰু এতিয়া য'ত কাছাৰি-ঘৰ বহিছে, সেয়ে উষাদেৱীৰ অন্তঃপুৰৰ ভেঁটি আছিল। বাণ-নৰপতিৰ নিজ নগৰ
(১) ৺শঙ্কৰদেৱৰ "ৰুক্মিণী-হৰণ" অসমীয়া নাটৰ এয়ে মুলভেঁটি।
(২)হৰিবংশ আৰু পুৰাণমতে শ্ৰীকৃষ্ণৰ ৮ আঠ্ গৰাকী ভাৰ্য্যা আছিল; যেনে ৰুক্মিণী, জাম্বৱতী, সত্যভামা, মিত্ৰবিন্দা,কালিন্দী, ভদ্ৰা, নগ্নজিতী আৰু লক্ষণা। কোনো কোনো আধুনিক সমালোচকৰ মতে কৃষ্ণভাৰ্য্যা মুঠেই এগৰাকী- ৰুক্মিণীহে।
(৩) বানৰজাৰ কাৰেং থকা সেই নগৰৰ নাম ভালুকপুং। তাৰপৰা অগ্নিগড়ৰে সৈতে (অস্পষ্ট) ভোমোৰাগুৰি টিলাত লগাই সজোৱা গড় এটাৰ খণ্ডাচিগা একোভাগ এতিয়াও আছে।