পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
অসমৰ বুৰঞ্জী


উৎপাত নকৰি পোনেই কামাখ্যালৈ আহিল। যি যি দেৱ-দেৱী বেচি প্ৰখ্যাতী, কালা-পাহাৰৰ সেই সেই দেৱ-দেৱীৰ ওপৰত বেছি আক্ৰোশ। কামাখ্যাকো তদ্ৰুপ প্ৰখ্যাতী বুলি জানি কালাপাহাৰ একান্তলক্ষ্যেৰে কামাখ্যালৈ আহিল। কামাখ্যাত দেব-দেৱীৰ মূৰ্তি কালাপাহাৰে আগত পালেমানে এটাইবোৰ কোবাই ভাঙ্গিলে। কামাখ্যাৰ মন্দিৰৰ গাত প্ৰোথিত যিবিলাক শিলৰ সুন্দৰ মূৰ্ত্তি আজিলৈকে কাৰো নাক-খঁৰা, কাৰো কাণ ছিগা, কাৰো হাত ভগা এনে অৱস্থাত আছে, সেই আটাইবোৰ বিজতৰীয়া কালাপাহাৰৰ কু-কৰ্ম্মৰ চিন। কালাপাহাৰে ভগৱতীৰ মহাপীঠস্থান লণ্ডভণ্ড কৰি মন্দিৰ ভাঙ্গি চুৰ্ণাকৃত কৰিলে। এইদৰে কামাখ্যা মন্দিৰ ধ্বংস কৰি, কালাপাহাৰ আৰু উজাই নাহিল; নিজৰ উদ্দেশ্য সফল হোৱাত, তাৰেপৰা তেওঁ বঙ্গদেশলৈ উলটি গলগৈ।

 গৌৰদেশত বন্দী হোৱাৰপৰা মুকলি হৈ অহাৰ পাচত, যুৱৰাজ চিলাৰায় আৰু মহাৰজা নৰনাৰায়ণ দুয়ো লগ লাগি কামাখ্যাৰ ভগ্ন মন্দিৰৰ জীৰ্ণ-সংস্কাৰৰ অৰ্থে যত্নবান হয়। সিবিলাকৰ অহোপুৰুষাৰ্থত ছমাহৰ ভিতৰতে সেই সংস্কাৰ-কাৰ্য্য সমাধা হয়। মহাৰজা নৰনাৰায়ণ আৰু যুৱৰাজ চিলাৰায়ে কামাখ্যা-মন্দিৰ পুনঃ উদ্ধাৰ কৰি তাত ভালেমান নতুন নতুন মূৰ্ত্তি সজাই দিয়ে। কামাখ্যাৰ বৰ্তমান চলন্তা মূৰ্ত্তিজনাও তেওঁ বিলাকৰ দ্বাৰায়ে প্ৰতিষ্ঠিত। পাচত, মন্দিৰৰ ভিতৰত নৰনাৰায়ণ আৰু চিলাৰায় দুইৰো দুটা শিলৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হয়।

 যুৱৰাৰ চিলাৰায়ৰ লোকান্তৰৰ পাচতো মহাৰজা নৰনাৰায়ণে ভালেমান বছৰ সুকলমে ৰাজত্ব কৰে। শেহলৈ তেওঁ চুবুৰীয়া ৰজাৰ ৰাজ্যবোৰত কোনো আক্ৰমণ-উপদ্ৰৱ কৰা নাছিল। মহাৰজা নৰনাৰায়ণ বহুকাললৈকে অপুত্ৰক হৈ থকাত, তেওঁ ৰাজ্যভাৰ চিলাৰায়ৰ পুতেক ৰঘুদেৱ বা ৰঘুনাৰায়ণক দিবলৈ সংকল্প কৰিছিল। তেওঁ স্বৰ্গীয় ভায়েক চিলাৰায়ৰ গুণলৈ মনত কৰি, ভতিজাক ৰঘুদেৱ নাৰায়ণক বৰ মৰম কৰিছিল; আৰু তেওঁৰ মন ভবিষ্যতে ৰজাৰ উপযোগীকৈ স্থিৰ ৰাখিবৰ অভিপ্ৰায়েৰে,১৬ বছৰীয়া বয়সতে, তেওঁক দুগৰাকী সুন্দৰী কন্যা বিয়া কৰাই দিয়া হয়। এনে সময়তে, বুঢ়া বয়সত, নৰনাৰায়ণ ৰজাৰো এটি পুত্ৰ লাভ হয়। ৰজাৰ পুত্ৰ হোৱা দেখি, ৰঘুৰায়ে ৰাজ্যৰ আশা এৰি আঁতৰি গৈ বছৰচাৰেক কামৰূপৰ আঙ্গাৰাগ্ৰামত ঘিলানদীৰ তীৰত বিজয়পুৰ নামেৰে এখন নগৰ পাতি থাকেগৈ (১)। পিছে, মহাৰজা নৰনাৰায়ণে তেওঁৰ মৰণৰ সময়ত ৰঘুদেৱ নাৰায়ণক মতাই আনি, পুতেক লক্ষ্মীনাৰায়ণ আৰু ভতিজাক ৰঘুনাৰায়ণৰ মাজত সমানে তেওঁৰ ৰাজ্য ভগাই দিয়ে। তেওঁৰ সেই ভাগ-বঁটৰা মতেই শাণকোষৰ পূব-ভাগত ৰঘুনাৰায়ণ আৰু পশ্চিম ভাগত লক্ষ্মীনাৰায়ণ ৰজা হয়। ৰঘুদেৱ-নাৰায়ণৰ ভাগত এতিয়াৰ মঙ্গলদৈ মহকুমা, কামৰূপ আৰু গোৱালপাৰা জিলাৰ কিয়দংশ পৰিছিল।

 মহাৰজা নৰনাৰায়ণে ৰাজকাৰ্য সু-চম্ভালনৰ বাবে যেনে সুখ্যাতি লাভ কৰিছিল; সাহিত্য-চৰ্চ্চাৰ বাবেও তেওঁ তেনেকৈ এজন সু-পণ্ডিত ৰজা হৈছিল। তেওঁৰ দিনত শাস্ত্ৰাদি অধ্যয়নৰ বহল উন্নতি হয়; 'ৰত্নমালা ব্যাকৰণ’ পুথি ৰচনা কৰা হয়; আৰু


(১) বিল,—ৰায়বাহাদুৰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত 'কামৰূপৰ বুৰঞ্জী, ২৮ ছেদ, ১২ পৃষ্ঠা।