নাও যুগুত হৈ হঠাত সেই ৰাতি তাতে থাকিল। এনেতে, মৰাণৰ খবৰ যোগনিয়াৰ অম্বৰিষে মানুহ পঠাই ৰাঘৱ মৰাণত কোৱালে, বোলে, 'ৰজা নগৰ এৰি ভটিয়াই গ'ল; সিহঁতে শীঘ্ৰে আহি নগৰ লওকহি'। এই বাৰ্তা পাই ৰাঘৱ মৰাণে সসৈন্যে আহি ৰাতি দুপৰত নগৰ উঠি হিলৈ জাঁই কৰিলে, আৰু সেই ৰাতিয়েই বৰতীয়া ৪০০ চাৰি-শ পঠাই স্বৰ্গদেৱক সোণাৰি নগৰৰ বাহিৰৰপৰা ধৰাই অনাই জয়সাগৰ বৰদ’লত ৰখীয়া দি থলে। তাৰ পাচত, ৰাঘৱ বৰবৰুৱাৰ দিহা মতে, ৰজা ৰমাকান্তই বাপেক নাহৰ খোৰা আৰু বাঘৱৰ দুই ঘৈণীয়েক ৰাধা-ৰুকুণীৰে সৈতে নগৰ সোমালেহি। মৰণে পতা বৰুৱা- ফুকনে ৰাজকীয় বৰুৱা-ফুকনক ঘৰৰপৰা উলিয়াই খেদি সেই ঘৰে-ঘৰে সোমাই ৰলহি। মৰাণ ৰাজ্যৰ ৰাজ প্ৰতিনিধি মৰাণৰ বুঢ়াগোহাঞি ভাঙ্গৰীয়াৰ বংশধৰ আজোখা মৰাণৰ গোহাঞিবৰুৱাক ঘৰৰপৰা উলিয়াই খেদি, তেওঁৰ ঘৰত মৰাণে পতা মৰাণৰ বৰুৱা সোমাল; ৰাঘৱ বৰবৰুৱা সোমাল বকতিয়ালৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ঘৰত। এইৰূপে বজয়ী হৈ, ৰাঘৱ মৰাণৰ বৰবৰুৱাই অহঙ্কাৰত ওফন্দি ক'লে, বোলে, ‘মই এশ ভাৰ্য্যা আনিম’, এই বুলি মণিপুৰীয়া ৰজাৰ জী কুৰঙ্গনয়নী আইকুঁৱৰীকে নিলে, আনো ফুকন-বৰুৱাৰ জীয়ৰীকে নিলে। ৰজা ৰমাকান্তই ভণ্ডাৰীবৰুৱা টাৰিমুৱাৰ জীয়েকক আনি কুঁৱৰী পাতিলে। [১]
মৰাণৰ বিষয়া বাচনি:- নগৰ দখল কৰি লৈ, মৰাণৰ ৰজা ৰমাকান্তই “মৰাণৰে এটাক বুঢ়াগোহাঞি, এটাক বৰগোহাঞি, এটাক বৰপাত্ৰগোহাঞি, আনো-আনোক বৰুৱা, ফুকন, ৰাজখোৱা পাতি ললে। তাৰ পাচত, লিগিৰি-কাঁড়ীক বৰফুকন পাতি গুৱাহাটীলৈ পাঁচিলে। গুৱাহাটীয়া ছয়-ফুকন, চৌধ-ৰাজখোৱা মৰাণৰে পাতিলে। শদিয়াখোৱা গৰুধৰীয়াৰ এটা হ’ল। কছাৰীযোৱা চেটিয়াৰ এটা মৰঙ্গিখোৱা হ'ল, সিও মোৱামৰীয়া। ইয়াৰ পাচত, মোৱামৰীয়া মহাজনৰে সৈতে মিত্ৰতা কৰি, মৰাণৰ ৰাজকীয় বন বঢ়াৰৰ অতিপ্ৰায়, নগৰত বাঘ বৰবৰুৱাক থৈ, মৰাণৰ ফুকন, বৰুৱা, ৰাজখোৱা, ডা-ডাঙ্গৰীয়া, ফা-ফুকন সমন্বিতে ৰজা ৰমাকান্ত খুটিয়াপোতাত মোৱামৰীয়া মহাজনৰ ঘৰলৈ গ'ল। ৰুকুণীৰে সৈতে ৰাঘ ৰংনাথতে ৰল; ৰাধা গৌৰীসাগৰত থাকিলগৈ। সেই ছেগতে সেনাপতি হৰনাথ ফুকন পলাই ভটিয়াই গল; তাৰ পাচত তেওঁ মানাস পাৰ হৈ চিলমাৰীত লোমালেগৈ [১]।
বামুণীয়া মহন্তৰ নিৰ্য্যাতন:- “পাচে ৰাজা ৰমাকান্তই খুটিয়াপোতালৈ গৈ, আউনীআটীয়া, দক্ষিণপটীয়া, গড়মূৰীয়া, কুৰুৱাবহীয়া, আনো বামুণীয়া, ঠাকুৰীয়া সকলো মহন্তক আনি বন্দী কৰি ধন ললে। আউনীআটীৰ ললে ৮০০০ টকা, দক্ষিণ পাটৰ ৮০০০ টকা, গড়মূৰৰ ৪০০০ টকা, কুৰুৱাবাহীৰ ৪০০০ টকা এইৰূপ সকলো মহন্তৰ তাৰতম্যৰূপে ধন তাঁৰি ললে। আউনীআটীয়বাগীশ বাপুৰ নাক, কাণ, চকু গুচাই দণ্ড কৰিলে। মোৱামৰীয়া মহন্তে চহৰৰ মানুহ যুখে-যুখে জনাই শৰণ লগালে। মোৱামৰীয়া মহাজনেও কেঁকোৰা দোলা ললে। " [২]