পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা।

কছাৰিত বঙ্গালী, ডেকাবিলাকৰ আলাপত বঙ্গালী আৰু তেওঁলোকৰ চিঠিতো বঙ্গালী ভাষাহে চলিছিল। সকলোৱে ৰঙ্গিনী বঙ্গীয়াক সঙ্গিনী কৰি লৈছিল, বঙ্গভাষা সকলোৰে বুকুৰ কুটুম হৈ উঠিছিল।” এই বঙ্গলা ভাষাৰ ঠাইত অসমীয়া ভাষা প্ৰচলন কৰিবলৈ হেমচন্দ্ৰ বৰুৱাই অশেষ পুৰুষাৰ্থ কৰি- ছিল। অসমীয়া ভাষা যে বঙ্গলা ভাষাৰ অপভ্ৰংশ নহয় এই কথা বুজাবলৈ তেওঁ ইংৰাজী বঙ্গলা সাময়িক পত্ৰিকা বিলাকত বহুত প্ৰৱন্ধ লিখিছিল। অসমীয়া “ৱ” আখৰটো চলাবলৈ তেওঁ গবৰ্ণমেণ্টৰ লগত বৰকৈ লিখালিখি কৰিব লগীয়া হৈছিল। অসমীয়া ভাষা প্ৰচলন সম্পৰ্কে পদে পদে তেওঁ নানা বাদবিতণ্ডা কৰিব লগীয়া হৈছিল।

 অসমীয়া ভাষা সম্পৰ্কে সেই সময়ত কিছুমান মানুহৰ এটা ভুল ধাৰণা আছিল। এক শ্ৰেণীৰ মানুহে কৈ ফুৰিছিল যে “অসমীয়া ভাষা আন একো নহয় কেৱল আহম জাতিৰ ভাষাহে।” এনেয়ে অসমীয়া ভাষা বঙ্গালীৰ অপভ্ৰংশ বুলি বৃথা জনৰব উঠিছিল। তাতে আকৌ আমাৰ মানুহৰ মাজত আমাৰ ভাষা লৈ মত ভেদ হোৱাটো অমঙ্গলজনক হৈছিল হেমচন্দ্ৰ বৰুৱাই এই ভুল ধাৰণা জনসমাজৰৰা আঁতৰ কৰিলৈ এনেকৈ লিখিছিল—

 “অনেকে ভাবিব পাৰে যে, আহম জাতিৰ ভাষাক বা আহম জাতিৰ ভাষাৰপৰা ওলোৱা এটা ভাষাক অসমীয়া ভাষা বোলা যায়; কিন্তু সেই কথা নহয়, এই অসম দেশ