পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্রা।

আজিহে দেখিলে  অসম-বাসীয়ে
 হৃদয় দুৱাৰ কৰি মুকলি॥
সকলোৰে যেন  হৃদয়ৰ ধন
 নিলে কোনোবাই বলেৰে কাঢ়ি।
নোহোৱাতে পূৰ  আনন্দৰ জোন,
 বেজাৰ-ৰাহুৱে পেলালে গ্ৰাহি।
কেন্দ্ৰৰূপে থাকি  শিশু অসমক
 শিকাই দৃষ্টান্ত সাধু-শিক্ষাৰ,
হলা অকস্মাৎ  মাজ-সাগৰত,
 ধ্ৰুৱতৰা দৰে মেঘৰ আঁৰ॥
শক্তিশেল প্ৰায়,  বিৰহে তোমাৰ,
 ভেদিলে মৰম অসমীয়াৰ।
যতদিন শিৰে  ব’ব তেজ-সোঁত,
 ব’ব লগে লগে ব্যথা ইয়াৰ॥
পৰিবৰ্ত্ত-কাৰী  কাল-সোঁতেনিতে
 নতুন স্মৃতিকো নিব ঢৌৱাই।
চিৰকীৰ্ত্তি সাধু  দৃষ্টান্ত তোমাৰ,
 শোক অসমৰ ৰব উধাই॥