পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমত মিৰজুমলাৰ আক্ৰমণ।

 ভাৰতবৰ্ষৰ পুৰপ্ৰান্তত থকা ক্ষুদ্ৰ স্বাধীন ৰাজ্য অসম দেশৰ ওপৰত ভাৰত বিজয়ী মুছলমান শক্তিৰ বহুত দিনৰ পৰাই দৃষ্টি পৰি আছিল। মোগল সিংহৰ আগত অসমৰ নিচিনা এখন ক্ষুদ্ৰ ৰাজ্যই স্বাধীনতা ভোগ কৰি স্বতন্তৰীয়াকৈ শাসন কাৰ্য্য নিৰ্ব্বিঘ্নে কি চলাই থাকিব পাৰে? সেই দেখিয়েই এই অসম- ৰাজ্য এবাৰ নহয় দুবাৰ নহয় অঠৰ বাৰ মুছলমানে আক্ৰমণ কৰে। মিৰজুমলাই যি বেলি অসম আক্ৰমণ কৰে সেয়ে অসম বুৰঞ্জীত মুছলমানৰ একাদশ আক্ৰমণ।

 তেতিয়া আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ অসমৰ ৰাজ সিংহাসনত। এই জন স্বৰ্গদেউৰ ভোগৰ কাল ন বছৰ। (১৬৫৪-১৬৬৩ খৃঃ) আহোম স্বৰ্গদেউ সকলৰ ভিতৰত জয়ধ্বজ সিংহে পোন প্ৰথমে হিন্দু ধৰ্ম্ম গ্ৰহণ কৰি হিন্দু নাম লয়। সেই সময়ত আহোমৰ ৰাজধানী বৰ্ত্তমান নাজিৰাৰ ওচৰৰ গড় গাঁৱত আছিল। গড়গাওঁ নগৰৰ বিবৰণ চাহাবুদ্দিন নামেৰে মিৰজুমলাৰ লগত অহা এজন মুছলমান কাকতীয়ে “ফতিয়াহ ইব্ৰিয়াহ” নামে এখন কিতাপত লিখি গৈছে। সেই বিবৰণ পঢ়িলে এনে কোনো মনুষ্য নাই যি এই দেশৰ গৌৰবত গৌৰবান্বিত বোধ নকৰে? (২) দিল্লীত মোগল পাটছাহ আউৰঙ্গজেৱ তেতিয়া সম্ৰাট। তেওঁৰ সেনাপতি মিৰজুমলা