পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সাহিত্য-সম্পদ।

মণ্ডলতে কিবা স্বৰূপে সিহঁতৰ উৎপত্তি হয়, আৰু তাতে সিহঁত চৰি ফুৰে। সিহঁত বায়ুৰ ওপৰ খলপাত চৰে, সেই নিমিত্তে সদায় দেখা নাযায়, ওচৰ চাপিলে দেখা যায়। এইটোৱেই অতীজৰ বিবৰণ, কিন্তু বিবৰণটোৰা বস্তুবোৰৰ উৎপত্তি বা গতিৰ বিষয়ে একো জনা নাযায়। বিবৰণটোৰ কোনো সাৰ নাই। ইয়াক সঁচা বুলি কোনো পণ্ডিতে গ্ৰহণ কৰাও নাই। মাজ সময়ত যিবিলাক পণ্ডিত ওলাইছিল, তেওঁলোকৰ মতে ধূমকেতু, নেজাল তৰা তৰা, ৰাজ্যৰ বস্তু। সিহঁত সেই ৰাজ্যত চৰি ফুৰে। কেতিয়াবা কোনোটো আমাৰ সুৰ্য্যৰ বা সৌৰ জগতৰ কোনো গ্ৰহৰ হোপনিত পৰি তৰা ৰাজ্যৰ পৰা স্খলিত হয়, স্খলিত হৈ সৌৰ জগতত ঘূৰি ফুৰে। সিহঁতৰ ভিতৰৰে কিছুমান ঘূৰি ফুৰোঁতে কেতিয়াবা পৃথিবীৰ ওচৰ চাপে, তেতিয়া আমি সিহঁতক দেখিবলৈ পাওঁ। এইটো হল দ্বিতীয় মত। ইয়াৰ বাজে আৰু এটা মত আছে। সেই মত অনুসাৰে ধুমকেতু নেজাল তৰা, তৰাৰাজ্যৰ বস্তু নহয়, সৌৰ জগতৰ বস্তু। সিহঁত সৌৰ জগততে উৎপন্ন হৈছে, আৰু তাতেই গ্ৰহ উপগ্ৰহৰ মাজত ঘূৰি ফুৰিছে। আদিতে যেতিয়া গ্ৰহ উপগ্ৰহবিলাকৰ উৎপত্তি ইহঁতো তেতিয়াই হৈছিল। ইহঁতো আদিৰ বাষ্পপিণ্ডটোৰেই অংশ। গ্ৰহ উপগ্ৰহবিলাক পিণ্ডৰ পৰা সুলকি পৰা বস্তু, কিন্তু ধুমকেতু নেজাল তৰা সূলকি পৰা নহয়, উফৰি যোৱা বস্তু। গ্ৰহ উপগ্ৰহৰ উৎপত্তি কেনেকৈ হৈছিল, তাক আগত ব্যাখ্যা কৰা হৈছে। ধুমকেতু নেজাল