নেজাল তৰাৰো নেজ আছে, কিন্তু পপীয়া তৰাৰ নাই। পপীয়া তৰাক এটা দীঘলীয়া তৰা যেন দেখি। সি এঠাইত ওলাই চোঁঢ় কৰে গৈ আন এঠাইত মাৰ যায়। নেজাল তৰা দেখিবলৈ পপীয়াতকৈ ডাঙ্গৰ সি যাওঁতে চোঁ চোঁ কৰে শব্দ তুলি যায়। কোনোটো কিছুমান দূৰ গৈ আকাশত মাৰ যায়, কোনোটো পৃথিবীত পৰে। প্ৰথমে ওলাওঁতে তাৰ নেজ নাথাকে। সি হঠাৎকাৰে আকাশৰ পৰা এটা ঘূৰণীয়া বস্তু হেন হৈ ওলায়। পাচত, যেই-সি-বেগ ধৰে, তাৰ নেজডালো ক্ৰমে ওলাবলৈ ধৰে। কোনোটো নেজ দীঘল হবলৈ নৌপাওঁতেই মাৰ যায়, কোনোটোৰ নেজ বৰ দীঘল হয়; ইমান দীঘল হয় যে সি গোটেইখন আকাশ জোৰে। এনেকুৱা দীঘল নেজাল, তৰা মাৰ গলেও পৰি থাকে, পাচত অনুক্ৰমেহে মাৰ যায়। ধূমকেতু এনেকুৱা ৰকমৰ বস্তু নহয়। সি ওলোৱা কেই দিন চন্দ্ৰৰ নিচিনা নিয়মিত সময়ত উদয় হয়, আৰু নিয়মিত সময়ত অস্ত যায়। ইয়াৰো নেজ আছে। ইয়াৰ নেজ এতাৰ। ইয়াৰ নেজ নেজাল নেজৰ নিচিনা খন্তেকীয়া নহয়, আৰু তৰাটোৱেও ইয়াক এৰি থৈ যাব নোবাৰে। যথাৰ্থ পক্ষত নেজাল তৰাৰ নেজ এটা পটি মাথোন, তৰাটো যেনি যায়, তেনি জ্বলন্ত কিবা বস্তুৰ এটা পটি পৰি যায়। সি পাচত লালে লাহে নাইকিয়া হয়। ধুমকেতুৰ নেজ তৰাটোৰ এটা অঙ্গ।ই বাষ্পময় বস্তু, কোনো গোট মৰা ডাঠ বস্তু নহয়। কিন্তু বাষ্পবোৰ বৰ পাতল, তাৰ মাজেৰে সি লুটিত থকা তৰা-
পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৪৬
অৱয়ব