পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
ৰঙ্গপুৰ নগৰৰ বিবৰণ।

কতো ১০ জন কতো ২০ জন ছাত্ৰ আছিল। এই ছাত্ৰশালাৰ সংখ্যা জানিব নোৱাৰি। ছাত্ৰশালাত প্ৰায় ব্ৰাহ্মণৰ লৰাই পঢ়ে। কচিৎ কায়স্থ, কলিতা, আহোম জাতিৰ বিষয়াৰ লৰাই পঢ়ে। অসমীয়া ভাষা শিক্ষাৰ কোনো পাঠশালা নাছিল। মাটীৰ পীয়লৰ অঙ্ক কাকতি আৰু মজুমদৰে ঘৰৰ লৰা কিছুমানে শিক্ষা কৰিছিল। শিল্পবিদ্যা, গীত, বাদ্য প্ৰভৃতি শিক্ষাৰ নিৰ্দ্দিষ্ট ঠাই নগৰত নাছিল। সেই ব্যবসায় কৰা লোকৰ খেলে খেলে মানুহবোৰে নিজৰ ঘয়তে বা গাওঁত সেই সেই বিদ্যা কৰিছিল।

⸺⸺