পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্কাউট।

 আজি কালি আমাৰ দেশত “বইজ্ স্কাউট’’ নামেৰে এবিধ নতুন অনুষ্ঠান চলিছে। এই বইজ স্কাউটৰ অৰ্থ এই যে কিছুমান ছাত্ৰই লগ লাগি জীৱনৰ আদি অৱস্থাতে পৰৰ উপকাৰৰ অৰ্থে কেতবোৰ ব্ৰত পালন কৰিবলৈ যত্নবান হয়। ইউৰোপত যেতিয়া কেইবছৰমান আগেয়ে জাৰ্ম্মানৰ লগত ইংলণ্ডৰ মহাসমৰ হৈছিল তেতিয়া বেডেন্ পাওৱেল নামেৰে এজন ইংৰাজ কৰ্ম্মচাৰীয়ে এমখা লৰাক যুদ্ধৰ কামত সহায় কৰিবলৈ শিকাই লৈছিল। সেই লৰাবোৰে ঘাইকৈ যুদ্ধ ক্ষেত্ৰত আহত হোৱা সৈন্যবোৰক আৰু নৰীয়া হৈ পৰি থকা ৰোগীবোৰক দিনে ৰাতিয়ে সেৱা শুশ্ৰূষা কৰিছিল; যুদ্ধৰ বাতৰি ইঠাইৰ পৰা সিঠাইলৈ অনা নিয়া কৰিছিল, শত্ৰুপক্ষৰ আলেখ লেখ চাইছিল। আৰু ৰজা আৰু ৰাজ্যৰ কাৰণে শক্তি অনুসাৰে কৰিব লগীয়া কামবোৰ কৰিছিল। এই মখা লৰাক স্কাউট নাম দিয়া হৈছিল।

 স্কাউট অনুষ্ঠানে সমাগত উপকাৰ কৰা দেখি দেশ বিদেশৰ সকলো ছাত্ৰৰে দ্বাৰা এনে এটি পৰম উপকাৰী তৰুণ সেৱক বৃন্দ গঠন কৰিবলৈ আৱশ্যকতা বোধ কৰা হল। তেতিয়াৰে পৰা ঠাইয়ে সকলো প্ৰদেশতে বইজ্ স্কাউট গঠন হব ধৰিছে। এই এই স্কাউট অনুষ্ঠানৰ মূল প্ৰতিষ্ঠাপক আৰু প্ৰধান পৰিচাৰক