বুৰঞ্জী অধ্যয়ন।
( ১ )
বুবঞ্জী শব্দটো আহােম ভাষাৰ পৰা ওলাইছে। বু’ অর্থে নজনা ৰঞ্জ অর্থে জনা। যি পুথিয়ে আগৰ কালৰ নজনা কথা জনা কৰি দিয়ে তাক বুৰঞ্জী বালে! অসম দেশত আহােম স্বৰ্গদেউ সকলে ১৩ শতিকাৰ পৰা তেওঁলােকৰ ৰজা ভঙ্গা পতা কাহিনীবােৰ পুথিত ক্রমান্নয়ে লিখাই থৈছে। এই ধৰণৰ লিখা পুথিক সিবিলাকে বুৰঞ্জী নাম দিছে । আন কি ভাৰতবৰ্ষৰ মােগল সম্রাট সকলেও আহােম নৃপতি সকলে লিখাৰ দৰে কোনাে বুৰঞ্জীৰ কথা লিখি থােৱা নাছিল।
( ২ )
বুৰঞ্জীক ইতিহাস বোলে ইতিহাস সংস্কৃত শব্দ, ইতিহাস সম্বন্ধে এনেদৰে সংস্কৃত শ্লোক আছে যে যি পুথিয়ে পুৰণি কালৰ কথাৰ লগত ধৰ্ম্ম, অর্থ, কাম মােক্ষ এই চাৰি বিয়য়ে উপদেশ দিয়ে তাক ইতিহাস বােলে। ইংৰাজীত বুৰঞ্জী শব্দটোক ‘হিষ্ট্রি' বোলে। কোনােবা এজন ইংৰাজ লিখকে ইতিহাস সম্বন্ধে এইদৰে কৈছিল, যে “ইতিহাস যেনিবা এজন বুঢ়া মানুহ, তেওঁ পুৰণি কালৰ কাহিনী বােৰ ভাঙ্গি পাতি কয়।” সি যি নহওক বুৰঞ্জী অধ্যয়ন এটা বৰ আৱশ্যকীয় বিষয়। বুৰঞ্জী অধ্যয়ন নকৰিলে মানুহৰ কথা জনা নাযায়৷