পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য-সম্পদ।


দৃষ্টান্ত দেখিবলৈ পোৱা যায়। কোনো ছাত্ৰই অসৎ উপায়েৰে সমনীয়া লৰাতকৈ চোকা আৰু তেজাল দেখুৱাৱ পাৰে। কিন্তু সেই সামান্য অসৎ উপায়ৰ বীজ লৰাকালত শিপাই উঠিব পাৰিলে ডাঙৰ হলে তাক হঠাতে উভালি পেলোৱা সহজ কাম নহয়। লৰাকালত পচোৱা অসৎ বীজে লৰাৰ ভবিষ্য জীৱনৰ ভেটি-মাটি খুন্দে। বণিক সম্প্ৰদায়ৰ মাজতো ইয়াৰ জ্বলন্ত প্ৰমাণ পোৱা যায়। ন্য়ায় পথত চলি বেপাৰীয়ে যিমান দৃৰ ব্যৱসায়ত লাভ কৰিব পাৰিব, আৰু জন-সাধাৰণৰ উৎসাহ আৰু উদগণি পাব অন্যায় পথত চলি সিমান কেতিয়াও নাপায়। বণিকে অন্যায় উপায় আচৰি দুদিনতে হয়তো উফাই আহিব পাৰে, কিন্তু সি কেৱল খন্তেকীয়া। চাকৰীজীবী সকলৰ মাজতো অন্যায় উপায় অৱলম্বন কৰা অযুগুত কিন্তু যি অন্যায় সি সদায় অন্যায়, ন্যায়ৰ লগত কিবা স্বৰূপে ঘঁহনি খালে ন্য়ায়ৰ প্ৰৱল প্ৰতাপ তেজত অন্যায় ডেই পুৰি ছাই হয়।

 সন্তৰ সদায় জয়; দুষ্টৰ যতে ততে মৰণ। সন্তৰ খোপনি শুকান খত্ খতীয়া পৰ্ব্বতত, দুষ্টৰ খোপনি পিছল তেক্‌তেকীয়া পৰ্ব্বতত। খত্ খতীয়া, শুকান পৰ্ব্বতত খোপনি পাতি তিষ্ঠি থাকিবৰ উপায় আছে; কিন্তু পিছল তেকৃতেকীয়া পৰ্ব্বতত তিষ্ঠিবৰ কোনো মতে উপায় নাই। পিছল পৰ্ব্বতত খন্তেক খোপনি পিটিলেও বেগতে আহি ভৈয়াম পায়। সন্ত আৰু দুষ্টৰ স্থিতি সংসাৰত এনে ধৰণৰ। সম্ভব ভাল মন্দৰ, সৎ