পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
পঞ্চম জৰ্জ্জৰ ৰাজ্য অভিষেক।


হে বিভু তুমি তেজ শক্তি দানি
 ৰাখিবা ৰজাক আমাৰ।
অকণ্টক ৰাজ্য কৰি দিবা যেন
 শাসিব ধৰা তোমাৰ॥
গোৱা সকলোৱে আজি সমস্বৰে
 পঞ্চম জৰ্জ্জৰ জয়।
সুমেৰু কুমেৰু দশোদিশ জুৰি
 হক প্ৰতিধ্বনিময়॥
এই বুলি, ৰাজ মুকুতটী লই
 পিন্ধালে ৰজাৰ শিৰে।
পুৱতি নিশাৰ নীল আকাশত
 জ্বলে ভোটা তীৰবিৰে॥
গগন বিদাৰি দশোদিশ জুৰি
 জয় ঢাক খলক লাগিল।
অতি শুভক্ষণে আমাৰ ৰজাৰ
 অভিষেক যাত্ৰা ভাগিল।