পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
পঞ্চম জর্জ্জৰ ৰাজ্য অভিষেক।


বশ্যতা স্বীকাৰ কৰি তোমালোকে
 হবলৈ তেওঁৰে প্ৰজা॥
চোৱা সউ চোৱা যাজকৰ সতে
 নিজে ৰজা চাৰি দিশে।
সকলো বোৰৰ মুখলই চাই
 নিজেও যেন সম্ভাষে॥
হসিত বদনে আনন্দিত মনে,
 অন্যান্য ৰাজ্যগণ।
পঞ্চম জৰ্জ্জৰ হিত চিন্তা কৰি
 প্ৰকাশি কলে বচন॥
‘ৱাথৱেলৰ বিশপাদি” কৰি
 ৰাণীৰ কাষত ৰই।
ৰাজ অভিষেকে যি দৰে থাকিব
 আছে সবে তেনেকই॥
বেদীৰ উত্তৰে প্ৰধান যাজকে
 পবিত্ৰ আসন ললে।
অন্যান্য বিশপ ধৰম যাজক
 নিৰূপিত স্থানে ৰলে॥
বাজি উঠে ভেৰী মঙ্গল দুন্দুভি
 কিনো আজি শুভ দিন।
যেন তালে তালে নাচি উঠে ধৰা
 সকলো আনন্দে লীন॥