পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
সাহিত্য-সম্পদ।

লগত ভ্ৰমণ কৰা আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ অধিশ্বৰলৈ উপাসনা বা আৰাধনা কৰা যুগুত। ঈশ্বৰৈ পুৱা গধুলি প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনাই মনক পবিত্ৰ ৰাখে। ই কুকৰ্ম্ম কৰিবলৈ সদায় বাধা দিয়ে। ই সত্য, দয়া, বিনয় আদি গুণৰ চৰ্চ্চা কৰায়। সকলো সভ্য জাতীয়ে ঈশ্বৰলৈ প্ৰাৰ্থনা জনায়। ছাত্ৰ অবস্থাৰ পৰা ঈশ্বৰক প্ৰাৰ্থনা কৰা নিয়ম বান্ধি লব লাগে। সৰুতে মাতৃ ভাষাত বা আন ভাষাত ঈশ্বৰলৈ পুৱা গধুলি প্ৰাৰ্থনা কৰিব লাগে। ঘৰৰ ভাই-ভনী আটায়ে মিলি পবিত্ৰ ঠাইত বহি ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে। ঈশ্বৰক সদাই এনেদৰে প্ৰাৰ্থনা কৰিব লাগে যে হে ঈশ্বৰ তুমি যেন আমাক বল বুদ্ধি আৰু জ্ঞান দিয়া। তোমাৰ চৰণত যেন আমাৰ ভক্তি থাকে আৰু সৎকৰ্ম্ম কৰিবলৈ আমাৰ মনত যেন সদাই প্ৰবৃত্তি জন্মে।