সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
জয়মতী।


খঙ্গতে উতলি ৰজা, জ্ঞান হেৰুৱাই,
দূৰ্ঘোৰ লাঞ্চনা শাস্তি দিয়ালে ঘনাই,
নীৰলে নীৰৱে সহি সোপাকে কুঁৱৰী,
ত্যজিলে পৰাণ তেঁও নিদিলে বাতৰি।

সতীৰ আদৰ্শ তেওঁ আহোম জীয়াৰি।
পতি পৰায়ণা তেওঁ গদাৰ কুঁৱৰী,
থাকে মানে জোন বেলি তৰা আকাশত,
জিলিকিব জয়মতী মৰত ধামত।