পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
সাহিত্য-সম্পদ।


 

 এই অসমীয়া গদ্য গ্ৰন্থৰ এজন সৃষ্টিকৰ্ত্তা ৺ভট্টদেৱ ১৪০০ চৈধ্য শ শকৰ শেষ ভাগত বজালিৰ অন্তৰ্গত বিয়াহ কুচিত পৰাশৰ গোত্ৰীয় ৺কবি সৰস্বতী নামে এজন ব্ৰাহ্মণ আছিল। তেওঁৰ ঘৰত অসমীয়া গদ্য গ্ৰন্থৰ জন্মদাতা ভট্টদেৱ কামৰূপৰ বজালি গাওঁত ১৪২১ শকত জন্ম গ্ৰহণ কৰে। তেওঁৰ আন এটি নাম বৈকুণ্ঠদেৱ। উপযুক্ত সময় হোৱাত তেওঁ উপনয়নাদি কাৰ্য্য সমাপন কৰি গুৰু গৃহলৈ গৈ বিদ্যা অধ্যয়ন কৰে। পাচে শাস্ত্ৰ জ্ঞান লাভ কৰি তেওঁ মহাপুৰুষ দেৱ দামোদৰত শৰণ লৈ ভাগৱতী ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ সঙ্কল্প কৰে। তেওঁ ভাগৱত শাস্ত্ৰত বৰ পাৰ্গত, সেই কাৰণে গুৰুৱে তেওঁক পাটবাউলী সত্ৰত ভাগৱত পাঠ কৰিব আদেশ কৰে। তেওঁ অশেষ বাধা বিঘিনি অতিক্ৰম কৰি পাটবাউসীলৈ আহি ভাগৱত পাঠ কৰে। তেওঁৰ ভাগৱত ব্যাখ্যা শুনি শত সহস্ৰ লোক মোহিত হৈছিল। তেওঁৰ নাম ‘ভাগৱতী’ বুলি প্ৰখ্যাত হ’ল। দেৱ দামোদৰে মানৱলীলা সম্বৰণ কৰিবৰ সময়ত ৺ভট্টদেৱৰ পৰা ভাগৱত পাঠ শুনি বৈকুণ্ঠলৈ গমন কৰে। আৰু কৃষ্ণদেৱক ‘ভাগৱতী’ পাতি দেৱ দামোদৰে ৺ভট্টদেৱক পাটবাউসা সত্ৰৰ অধিকাৰ পাতে আৰু তেওঁৰ ধৰ্ম্মমালা অৰ্পণ কৰে। গুৰুৰ আদেশ মতে সেই দিনাৰ পৰা সকলোৱে ভট্টদেৱক বৈষ্ণৱ ধৰ্ম্মৰ আচাৰ্য্য বুলি মানি লয়। ১৫০২ পোন্ধৰ শ দুই শকত পাটবাউসী সত্ৰৰ অধিকাৰ হৈ ভট্টদেৱে ভালেমান শিষ্য কৰিলে আৰু কেবা ঠাইতো সত্ৰাদি