পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
সাহিত্য-সম্পদ।

প্ৰচাৰ কৰিছিল। তেওঁ পুৰীলৈও তীৰ্থ কৰিব যায় শ্ৰীক্ষেত্ৰলৈ যাওঁতে বাটত কেবা ঠাইতো তীৰ্থ দৰ্শন কৰে।

 দেৱদামোদৰে দেশ বিদেশ ঘুৰি নিজে আৰু শিষ্য সকলৰ দ্বাৰাই চাৰিও ফালে বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰিছিল। চাৰি দিশত চাৰিজন আচাৰ্য্য পাতি তেওঁ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰৰ পথ নিষ্কন্টক কৰে। উজনীত বংশী গোপালৰ দ্বাৰা আউনি আটী, দক্ষিণ পাট, গৰমুৰ আৰু কুৰুৱাবাহি এই চাৰি সত্ৰ স্থাপিত হয়। ভগৱানদেৱে গোবিন্দপুৰ, কচুৱা আদি আৰু সন্ত ভূষণে আমৰাঙ্গা, নহিৰা আদি ঠাইত সত্ৰ পাতে। বলদেৱে কোচবিহাৰ দামোদৰপুৰ, বৈকুণ্ঠপুৰ আদি সত্ৰত নাম ধৰ্ম্মৰ হাট পাতি গুৰু আদেশ পালন কৰে। এই চাৰি সীমাৰ কেন্দ্ৰস্থল পাটবাউসীত ভাগৱত আচাৰ্য্য ৺ভট্টদেৱৰ মূৰত ধৰ্ম্মমালা স্থাপন কৰে।

 দেৱ দামোদৰে এই দৰে আচাৰ্য্য আদি পাতি সকলো ঠাইতে ধৰ্ম্ম চৰ্চ্চা কৰিছিল; আৰু জগতৰ অশেষ লোকক ধৰ্ম্ম শিক্ষা দিছিল। পিচে শ্ৰৱণ কীৰ্ত্তন আদি ধৰ্ম্ম প্ৰৱৰ্ত্তাই জীৱনৰ শেষ সাত বছৰ কাল কোচবিহাৰত কটাইছিল গৈ।

 বিষয় বাসনা ত্যাগী পৰম কাৰুণিক দেৱদামোদৰ ভাগৱত অমৃত পান কৰি ৯২ বিৰান্নবৈ বছৰ মানৱলীলা কৰাৰ পাচত ১৫০২ পোন্ধৰ শ দুই শকৰ বহাগ মাহৰ শুক্ল প্ৰতিপদ তিথিত বৈকুণ্ঠলৈ গমন কৰে। বৈকুণ্ঠলৈ যাবৰ সময়ত নিজ বংশধৰ সকলৰ উপযুক্ত গুণ থকা নেদেখি কৃষ্ণাচাৰ্য্যক ধৰ্ম্মৰ উত্তৰাধিকাৰী নাপাতি গুণৱন্ত ৺ভট্টদেৱৰ মূৰত ধৰ্ম্মমালা দি ধৰ্ম্মাধিকাৰ