ৰত্নেশ্বৰ গাওঁৰ পৰা ভটিয়াই আহি নন্দাগাওঁ আৰু গয়াজানত দুই চাৰি দিন থাকি শ্ৰীদামোদৰদেৱ বিয়াস পুৰলৈ *
যায়। ইয়াতে তেওঁৰ পত্নী এটি কন্যা প্ৰসৱ কৰি লোকান্তৰ
হয়। কন্যাটিয়ে শেষত মাকৰ বাট ললে। সহধৰ্ম্মিণী
ললে। সহধৰ্ম্মিণী বিয়োগ হোৱাৰ বাবে অলপো শোক নকৰি
তেওঁৰ পিণ্ড দিলে। পত্নীৰ কাল হোৱাৰ পৰা তেওঁ পুনৰায়
সংসাৰ নকৰিলে। তেতিয়াৰে পৰা উদাসীন হৈ ধৰ্ম্ম চৰ্চ্চাত
মন দিলে। বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ধৰিলে।
তেওঁ পৱিত্ৰ ভাগৱতী ধৰ্ম্ম প্ৰথমে তেওঁ তেওঁৰ ভতিজা মুকুন্দৰ আগত প্ৰকাশ কৰে আৰু ৰামৰায় নামে একজন ব্ৰাহ্মণ শিষ্য লাভ কৰি শৰণ ধৰ্ম্মৰ জ্ঞান দিয়ে। দেৱদামোদৰে সাধু বিপ্ৰজনৰ অনুৰোধত আৰু সাহায্যত পাটবাউসীত এখন সত্ৰ স্থাপন কৰিলে আৰু তাত দ্বাদশ প্ৰসঙ্গৰ দ্বাৰা পৰমেশ্বৰৰ গুণ কীৰ্ত্তন কৰিব ধৰিলে। * এই সত্ৰ খনেই শ্ৰীদামোদৰদেৱৰ প্ৰথম আৰু প্ৰধান সত্ৰ।
দেৱদামোদৰ পাটবাউসীত থাকোঁতে বৈকুণ্ঠ নামে তেজস্বী আৰু উগ্ৰ ব্ৰাহ্মণ পণ্ডিত এজন পাটবাউসীলৈ আহে আৰু দেৱদামোদৰৰ আদেশ মতে তেওঁ ভাগৱত পাঠ কৰে।
* বাৰজন প্ৰধান শিষ্যই পাৰিষদৰূপে দেৱদামোদৰৰ লগত সদায় হৰি নাম কীৰ্ত্তন কৰিছিল। সেই বাৰজন শিষ্যৰ নাম ক্ৰমে দিয়া হল- ৰামৰায়, কৃষ্ণানন্দ, ৰামানন্দ, হৰি, ৰঘুনাথ, জগন্নাথ, ৰামদাস, বিষ্ণুদাস, পযোধি, ৰাতুল চঘণ, মধু আৰু পৰমানন্দ।