পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
ৰামচন্দ্ৰৰ প্ৰতি ভৰতৰ উক্তি।

জন্মে। আপুনি ধৰ্ম্মজ্ঞ , এতেকে পৈতৃক ৰাজ্য গ্ৰহণ কৰি বন্ধু-বান্ধৱেৰে সৈতে তাৰ শাসন কৰোক। ধৰ্ম্ম-কাৰ্য্যৰ বিধি জনা মান্যবৰ বশিষ্ঠে, ইয়াত উপস্থিত থকা ব্ৰাহ্মণ আৰু প্ৰজাবিলাকেৰে সৈতে, এই ঠাইতে আপোনাক ৰাজ্যত অভিষিক্ত কৰোক। আমাৰ দ্বাৰা অভিষিক্ত হৈ আপুনি অযোধ্যালৈ যাওক, আৰু ৰাজ্য-শাসন কৰি দেৱতা সকলেৰে সৈতে ইন্দ্ৰৰ দৰে শত্ৰুবিলাকক দমন কৰোকগৈ। মানুহৰ জন্ম হলেই যে তিনটা ধাৰ লাগে, সেইৱিলাকৰ পৰিশোধ কৰি মোক আপোনাৰ প্ৰজা বুলি জ্ঞান কৰোক, এবং দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোক। আপনি জা হোৱাৰ নিমিত্তে আজি সন্তসকলে আনন্দ পাওক, আৰু দুষ্ট লোকবিলাক দণ্ডৰ ভয়ত দশো দিশে পলাই যাওক। আপুনি মোৰ মাতৃৰ বিদ্বেষ ক্ষমোক, আৰু নগৰলৈ উলটি গৈ আপোনাক বনবাসলৈ পাঠাৱাৰ বাবে পিতৃৰ যি দুৰ্নাম হৈছে, তাক দূৰ কৰোক। মই মূৰ দোৱাঁই প্ৰাৰ্থনা কৰিছোঁ, পৰমেশ্বৰে সকলোজীৱ-জন্তুৰ প্ৰতি যেনে কৃপা কৰে, আপুনি মোৰ আৰু মোৰ বন্ধু-বৰ্গৰ প্ৰতি তেনে কৃপাদান কৰোক।

 ভৰতৰ কথা সমাপ্ত হলত ৰামচন্দ্ৰে উত্তৰ কৰিলে,—“হে কৈকেয়ীৰ আৰু মহাৰাজা দশৰথৰ পুত্ৰ। তুমি যি কথা কৈছা, সি যে যুক্তিযুক্ত, তাত সংশয় নাই। কিন্তু হে ভাই! ভাবি চোৰাঁচোন আমাৰ পিতৃয়ে যেতিয়া তোমাৰ মাতৃক বিয়া কৰে, তেতিয়া এই ৰাজ্য তেওঁক স্ত্ৰী-ধন স্বৰূপে দিবলৈ অঙ্গীকাৰ