সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সাহিত্য-সম্পদ।

কব যে সেই খেলিবোৰ খেদিলে মগজ বাঢ়ে। উঃ! মগজ বঢ়োৱা কি দৰব!! ক’তা দেখোন তেওঁলোকৰ বাঢ়ি উঠা মগজৰ প্ৰতাপ সাহিত্য, কৃষি বিজ্ঞান, শিল্প, ৰাজনীতি যুদ্ধ ক্ষেত্ৰ কোনো ক্ষেত্ৰতে দেখিবলৈ পোৱা নাযায়। এনে বাঢ়ি উঠা মগজৰ প্ৰতাপ সেই খেলবোৰৰ চাৰি বেৰৰ ভিতৰত লোপ পোৱা বৰ দুখৰ বিষয়।

 আচল কথা এই যে সময় এনেকুৱা বস্তু যে তাক যি কামতে লগাই দিয়া তাৰ নিশ্চিত ফল দেখিবলৈ পোৱা যায়। ডবা, তাচ আদি খেলোঁতে খেলোঁতে সেই খেলৰ পেছবোৰ শিকি সেই খেলত পৈণত হোৱা যায় মাথোন। এই খেলত পৈণত হোৱা অৱস্থাৰ লগত মগজ বঢ়াৰ বিশেষ সম্বন্ধ একো নাই। খেলাৰো সময় আছে কিন্তু সকলো সময় খেলাৰ কাৰণে নহয়। সেই খেলেই আটাইতকৈ উত্তম যাৰ দ্বাৰা শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধন হয়।

 বহুতে এক মিনিট দুই মিনিট দূৰৈৰ এঘণ্টা দুঘণ্টাকো সময় বুলিয়ে গণ্য নকৰে। কিন্তু সময়ৰ মূল বুজোতা সকলে আনে এনেয়ে হেৰোৱা সেই সময় খিনিক কাৰ্য্য়ত খটাই যি আচৰিত ফলৰ অধিকাৰী হৈছে তাক দেখি বহুতে তবধ মানিছে।

 এই ক্ষুদ্ৰ সময়ৰ সমষ্টিবোৰৰ মহৎ ব্যৱহাৰ কৰি কত ক্ষুদ্ৰ মহৎ হ’ল, কত নগণ্য মান্যবন্ত হৈ উঠিল, কত মূৰ্খ জ্ঞানী হ’ল, কত দৰিদ্ৰ ধনবন্ত হৈ উঠিল, ক’ত অকৰ্ম্মণ্য কৰ্ম্মবীৰ হ’ল তাৰ কি লেখ আছে?