পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৭
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য


আৰু চুটিয়া বিলাক যে বিভিন্ন শাক্ত ধৰ্মাৱলম্বী আছিল তাত সন্দেহ নাই। সদিয়াৰ কেচাইখাতী তাম্ৰেশ্বৰী মন্দিৰ বুকাননে স্বৰূপভাবেই ‘পূবৰ কামাখ্যা মন্দিৰ’ বুলিছে, যিহেতুকে কামাখ্যাত আৰ্য্য গঢ়ত আৰু তাম্ৰেশ্বৰীত অনাৰ্য্য গঢ়ত একে শক্তি-পূজাই চলিছিল; চুটিয়া ৰাজ্যৰ পতনৰ পাছতে আহোমৰ আমোলত দেউৰীবিলাকে কামাখ্যাত চলা দৰেই দুৰ্ঘোৰ নৰবলি চলাইছিল। কামাখ্যাৰ নৰবলি সম্পৰ্কত আইন-ই-আকবৰি আদি মুছলমান বুৰঞ্জীলেখকে লিখাৰ দৰেই তাম্ৰেশ্বৰীৰ বলিবিলাকো ভোগী নামে অভিহিত হৈ ঘাইকৈ তিৰুতাৰ সম্পৰ্কত যি ব্যভিচাৰ কৰিব পাৰিছিল তাৰ পৰা সমসাময়িক অসমীয়া সমাজৰ দুৰ্ঘোৰ বিশৃঙ্খল অৱস্থাৰ অনুমান কৰিব পাৰি। এই কালত আৰ্য্য আৰু অনাৰ্য ধৰ্মৰ খিচিৰিৰ পাতন আৰু নৱগঠন কি দৰে সম্পন্ন হৈছিল তাৰ প্ৰকৃষ্ট প্ৰমাণ এই কালিকা-পুৰাণ আৰু যোগিনী-তন্ত্ৰ গ্ৰন্থ দুখনিয়েই। মদ্য, মাংস আৰু স্ত্ৰী সম্ভোগ আৰু নৰ-বলিৰ বিধান কালিকা পুৰাণত স্পষ্টভাৱে বৰ্ণাইছে। ষোড়শীৰ বিভিন্ন অঙ্গৰ ৰূপ- ধ্যানৰ বিধান আৰু মদ্যমাস আৰু স্ত্ৰী সম্ভোগৰ সমৰ্থন যোগিনীতন্ত্ৰত বিশদভাৱে দিয়া হৈছে। এই যোগিনীতন্ত্ৰতে উপভোগৰ বাবে কেনে মদ্য আৰু স্ত্ৰী উপযুক্ত তাক বৰ্ণাইছে; আৰু “মাতৃযোনিম্ পৰিত্যজ্য মৈথুনম্ সৰ্বযোনীষু", দ্বাৰশব্দাধিকযোনিৰ্যাবৎ ষষ্টিঃ প্ৰজায়তে। তাবত্তু মৈথুনম্ তস্মাৎ স্বয়ম্ভূব” বুলিছে। হীনযান, মহাযান, বজ্ৰযান বৌদ্ধ তান্ত্ৰিক আদি বিভিন্ন পৰবৰ্তী বৌদ্ধ সম্প্ৰদায়েও ধৰ্মৰ নামত এনে অধৰ্মৰ ইন্ধন যোগাইছিল বুলি বৈষ্ণৱ-চৰিতবোৰৰ পৰা বুজিব পাৰি, জলসাই থলসাই আদি নানা আদিম পূজা-পদ্ধতিৰ উপৰিও কছাৰীবিলাকে ব্ৰা-ব্ৰী-পূজা কৰিছিল। অতিশয় উত্তাপৰ ছাটি-ফুটিয়েও আৰু অত্যন্ত খৰাং বতৰৰ ধূলিমাকতিয়েও যেনেকৈ এছাটি জুৰ বতাহ আৰু এজাকি শান্তিময় বৃষ্টিৰ সঙ্কেত দিয়ে, ধৰ্মৰ নামত অধৰ্মৰ এই তাণ্ডৱ নৃত্য বা প্ৰলয়-নাচোনো নতুন সৃষ্টিৰে আগজাননী বুলি বুজিব পাৰি; গতিকে অতি স্বাভাবিক ৰূপেই এই সময়ত বহু দেবদেৱীৰ ঠাইত “এক-দেৱ এক-সেৱ”, . বহু-পূজা-পাতলৰ কপটতা আৰু আড়ম্বৰৰ ঠাইত চিত্ত -শুদ্ধিদায়ক সহজ সৰল ভক্তিৰে নাম-ধৰ্ম শ্ৰীশঙ্কৰদেৱে যেতিয়া প্ৰচাৰ কৰিলে তাকো সেইদৰেই জন-গণে আদৰেৰে যে গ্ৰহণ কৰিব ইয়াকো সহজে আশা কৰিব পাৰি; কিন্তু ইহাতেও ঠিক সমানেই তেনেকৈয়ে স্বাৰ্থ-জড়িত সুবিধা-প্ৰাপ্তসকলে তাৰ বিৰুদ্ধে

যে প্ৰতিক্ৰিয়া কৰিবই তাতে বিস্ময় মানিবলৈ একো নই। এতেকে আমি দেখা