পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

De নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী দুম এটি শিখা নিচুৰ তাত, আছে জগতৰ আই; ভোকৰ বেলিকা অন্নদা” খুৱাব, দুখ কোনোটিতে নাই! যদি কেতিয়াবা “দে-তা”ক বিচাৰ, “মা”লৈ মনত পৰে;- ৰাতি গোশত আহি দেখা দিবি, জানোবা হেপাহ পূৰে!.. তোমাৰেই মাথা (সংসাৰৰ মায়া), সি মায়া-জলত পণি সোণক হেৰাই কাশি উঠে প্ৰাণ, ওলামা চকুলোধাৰি॥ সি মায়া-দৌলতে বান্ধ খাই প্ৰভু, হলই তিনি লাগে; জানো সিপুৰীত নেদেখি জিতেন কান্দে। যদি কোনো দিন কান্দে সোণে তাত, আমাৰ সলনি, হৰি, কোলা লই তাক ডিস্থিত সাবটি ধৰি। কুমলীয়া লৰা অকলে নেৰিবা, ছাগকে ভাবিব বাঘ; নজনা লৰাই যদি দুষ্ট কৰে, তুমি নোকোবাৰ তাত। তুমি দয়াময়, জগতৰ পতি; তুমি ব্ৰহ্মা বিষ্ণু হৰি; তোমাৰ কাষত ইয়াকে খাটিলো দুখানি চৰণ ধৰি।” “কাণৰ খুৰীয়া” নামৰ চৈধ্য শাৰীৰ এওঁৰ বিতোপন কবিতা- “পূৰ্ব জনমৰ জানো কত পুণ্যফলে খুৰীয়া জাম পালি এই জগতত; শোওঁতে-খাওঁতে কিম্বা উঠোঁতে-বহেতে চুমা দিয়ে প্ৰেয়সীৰ কোমল গাঙ্গত। যি চুমাৰ হেপাহত আতুৰ প্ৰেমিক, প্ৰেমৰ ৰাজাৰ যিটো অমূল্য ৰতন; যাক লই সংসাৰৰ সকলো বলিয়া, অনায়াসে তই কিন্তু পাত্ৰ সেই ধন। যি চুমাৰ মাথোঁ এটি পাবৰ আশাত, প্ৰেমিকে উছগা কৰে পৰাণ নিজৰ; সেই চুমা লাখ লাখ নিতে থাৱ তই, নাজানো কি পুণ্য তোৰ আছিল পূৰ্বৰ!