সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


লৌকিক সাহিত্য ভাঙিবলৈ যাব বুলি আশা কৰাই বিচাৰ-বিপৰ্যয় নিশ্চয়। সৰহ নালাগে, স্বয়ং ভাগৱতৰ ভাঙনিতে পীতাম্বৰ দ্বিজই “কোন অঙ্গে খুন দেখি নাইলা যদুমণি” বুলি ৰুক্মিণীৰ বিলাপ বৰ্ণাওঁতেই গুৰুজনাই “আৰ গাইবাক নালাগয়। গৰ্ব পৰ্বতত সিটো উঠিয়া আছয়।’’ "স্বভাৱে জানিলোঁ কাম-বশ্য সিটো জন।” বুলি তীব্ৰ নিন্দাবাদ কৰিছিল। সেই বৈষ্ণৰ সাহিত্যই উপলুঙা সমালোচকৰ চিত্তবিনোদনৰ বাবে কাম-ভাবৰ উদগনি দিব বুলি ভবা বিড়ম্বনা মাত্ৰ। মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণৰ যথাযথ ভাঙনি কৰাত তাত মাধৱদেৱে ভক্তিৰ 'আঁচুফুল" বাচি সমাজৰ ব্যৱহাৰৰ উপযোগী কৰিলে; কিন্তু সিমানতে সন্তুষ্ট নহৈ অনন্ত কন্দলীয় বাধ্য হৈ ভক্তি-ৰসাপ্লুত নতুন ভাঙনী কৰিলে। এনে অৱস্থাত বৈষ্ণৱ যুগৰ বাণী বুজিব নোৱাৰা লোকৰ বাবেইহে বিৰূপ মন্তব্য সম্ভৱপৰ। দ্বিতীয় কথা, এই বৈষ্ণৱ সাহিত্যই জনগণৰ দুখ-সুখৰ কথা উপেক্ষা কৰিছে বুলি ভবাও বাস্তৱ সমীক্ষা নহয়, যিহেতুকে বৈষ্ণৱ আন্দোলনেই জন-গণৰ হকে মূৰ তুলি উঠিছিল। দৃষ্টান্ত ৰূপে , দামোদৰ বিপ্ৰাখ্যানত বিপ্ৰ আৰু বিপ্ৰ-পত্নীৰ দাৰিদ্ৰ-ক্লিষ্ট যি চিত্ৰ অঁকা হৈছে আজিৰ অসমীয়া সাহিত্যত তাৰ তুলনা নাই৷ ‘কাণখোৱা', ভীমচৰিত আদিৰ যোগেও অসমীয়া দীন-দুখী জীৱনৰ আভাস আওপাকে হলেও পোৱা হয়। তৃতীয় কথা, শেষ কালত বৈষ্ণৱ সাহিত্য গতানুগতিক হৈ পৰিছিল বোলা অভিযোগে সমালোচকৰ সাহিত্য-বুৰঞ্জীৰ অভিজ্ঞতাৰহে সীমাবদ্ধতা বুজায়৷ জগতৰ সাহিত্যত এনে কোন যুগ আছে, যি গতানুগতিক নোহোৱাকৈ চিৰ- কাল একেৰাহে চলি আছে? সাহিত্যত ‘যুগ’ বোলাৰ অৰ্থই বা কি যদি আগৰ ভাৱধাৰা লুপ্ত হৈ নতুনৰ প্ৰৱৰ্তন নহল? বৰঞ্চ আচৰিত বুলিব লগা কথা আছিল এইটোহে যে যে পাঁচশ বছৰেও অসমীয়া বৈষ্ণৱ সাহিত্য বাহি হোৱা নাই আৰু অন্ততঃ দুশ বছৰ কাল (শঙ্কৰদেৱৰ পৰা ভট্টদেৱলৈ) বিশেষ সৃজনী শক্তিৰ বিকাশ দেখুৱাই এই সাহিত্য গতানুগতিক নোহোৱাকৈ চলিৰ পৰিছিল। মুঠ কথা, সাহিত্য সমালোচনাৰ বাবে যি গভীৰ অনুভৱ আৱশ্যক তাক উপাৰ্জন কৰাৰ আগতে, কেল কেখনমান কিতাপ চেলেং- পেতেংকৈ পঢ়ি হাতত লিখনী ললেই সাহিত্যৰ বুৰঞ্জী লিখা নহয়; জীণ নিয়াই তাৰ পৰা উপলব্ধি অৰ্জন কৰি সাৰ-তত্ত্ব উলিয়াব লাগিব।