পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 অসমৰ বৈষ্ণৱ ধৰ্ম্ম সাহিত্য দৰ্শনৰ অন্যতম শ্ৰেষ্ঠ প্ৰবক্তা, লোক সাহিত্যৰ স্বভাৱ-সৌন্দৰ্য মুগ্ধ সংগ্ৰাহক তথা কৃতী ব্যাখ্যাকাৰ, আধুনিক অসমীয়া সাহিত্যৰ লব্ধপ্ৰতিষ্ঠ সমালোচক আৰু সুকবি ডিম্বেশ্বৰ নেওগ অসমৰ এক উজ্জ্বল মনীষা। ইংৰাজী সাহিত্যৰ বুৰঞ্জীব চৰ্চাৰ পোহৰত অসমীয়া সাহিত্যৰ তুলনামূলক আলোচনাৰ পথ প্ৰশস্ত কৰা অসমীয়া লেখক কেইজনৰ ভিতৰত পণ্ডিত প্ৰবৰ ডিম্বেশ্বৰ নেওগৰ নাম আগশাৰীত। পঞ্চাছৰ দশকতে নেওগৰ সুবিখ্যাত গ্ৰন্থ 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' ছপা হৈ ওলায়। কিন্তু পূৰ্ববৰ্তীসকলৰ লগত নেওগৰ মিলতকৈ অমিলহে বেছি। কাৰণ নিৰ্ভীক সমালোচক নেওগে নিজৰ তীক্ষ্ণ অনুসন্ধিৎসা, মেধা আৰু গৱেষণামূলক দৃষ্টিভঙ্গীৰে অসমীয়া সাহিত্যৰ বুৰঞ্জী সম্পৰ্কে বহুতো নতুন মত আৰু চিন্তা এই পুথিত প্ৰকাশ কৰে।

 আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ জিলিঙনি, অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি, অসমীয়া কথা প্ৰতিভা, History of Modern Assamese Literature, সাহিত্যৰ বুৰঞ্জী, New Light on History of Assamese Literature, অসমীয়া সাহিত্যৰ অধ্যয়ন আৰু নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী – এই সমগ্ৰ গ্ৰন্থৰাজি নেওগৰ অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি থকা অশেষ ধাউতি আৰু তাৰে

পাণ্ডিত্যপূৰ্ণ চিন্ত চৰ্চাৰ ফল৷

মূল্যঃ ১০০ টকা