পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৬
অসমীয়া সাহিত্যৰ চানেকি।

আলিক আৱৰি আছে
কত বৰ বৰ গছে
ঢাকি আছে পাতে তাৰ বাট পথ সব।
ইও এক প্ৰকৃতিৰ মূৰ্ত্তি অভিনৱ।

⸺⸺


লৰা কাল!

হেৰুৱালোঁ ভাই ময় অমূল্য রতন।
ৰাখিবলৈ নোৱাৰিলোঁ কৰিয়া যতন।
আনন্দৰ কাল মোৰ;
পৰিল হবলা ওৰ,
বোধকৰো সি আৰু নাহিব উভতি,
যাবৎ জীৱন মোৰ হুব এই গতি।

যেতিয়া আছিলোঁ ময় বয়সত সৰু,
জ্ঞানত আছিলোঁ যেন ছাগলি বা গৰু,
কেনে ৰঙ্গ পাইছিলোঁ,
বহি গীত গাইছিলোঁ।
নাছিল ভাবনা একো সংসাৰৰ ফালে, .
হৰ্ষময় দেখিছিলোঁ চাঁও যেই ফালে।

ৰাতিপুৱা ৰঙ্গাৰদ পিঠিত লগাই,
তুলি থোৱা চেঁচা ভাত দুটা মান খাই,
হাত মছি তপিলাত,
ছকঠীয়া লই গাত,
লগৰীয়াৰ লগ লাগি ফুৰোঁ নাচি বাগি;
এতিয়া দেখোন হলোঁ বিষাদৰ ভাগি।

হাঁয় হাঁয় কেনে সুখে দুপৰীয়া গই,
পৰ্ব্বতৰ ওচৰত ময় অকলৈ,