পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪০০ অসমীয়া সাহিত্যৰ চানেকি। ইয়াৰ পাছত মোৱামৰীয়াহঁতে নিৰুপদ্ৰৱে ৰাজ্য শাসন কৰিবলৈ ধৰিলে। ৰমাকান্তৰ নামেৰে মোহ ওলাল। আহোম ৰজাবিলাকৰ মোহৰ আঠচুকীয়া আছিল, কিন্তু মোৱামৰীয়াহঁতে নচুকীয়া মোহৰ মাৰিবলৈ ধৰিলে। মোৱামৰীয়া মহন্তৰ ক্ষমতা এতিয়া অপ্ৰতিহত হৈ উঠিল। লক্ষমীসিংহ স্বৰ্গদেৱে মোৱামৰীয়াহঁতক সিংহাসনত দেখি, কষ্ট পাই ইফালে সিফালে নিজৰ দেশৰ মানুহক নিজৰ দুৰ্দশা দেখুৱাই ভিতৰুৱাল ভাবে সহায় খুজিবলৈ ধৰিলে। ৰাঘমৰাণে মগলো কুৱৰীক (ৰাজেশ্বৰ সিংহ সৰ্গদেৱৰ মণিপুৰীয়া ব্লাণী কুৰঙ্গনয়নী) যে লৈ গৈছিল, এৱেই এই সময়ত প্ৰধান সহায় কৰে। সকলো ভগনীয়া বিষয়াবিলাকে লগলাগি এওঁৰ লগত ৰাঘমৰাণক মাৰিবৰ নিমিত্তে গুপ্ত মন্ত্ৰণা পাতিবলৈ ধৰিলে। আহোমৰ বৌৱেকক ৰখা নিয়ম আছে। বৰুৱা ফুকন সকলে তাকে ভাবি কুৱৰীলৈ কৈ পঠালে যে তেও যদি কিবা ষড়যন্ত্ৰ কৰি ৰঘক মাৰিব পাৰে তেনেহলে মহাৰাজ লক্ষীসিংহে তেওঁক ৰাখি কুৱৰী পাতিব। মগলো কুৱৰীয়ে এই কথাত ভোল গৈ মন্ত্ৰণাকাৰিবিলাকলৈ কৈ পঠালে, যে চতৰ বিহুত মোৱামৰীয়াহঁতক নবগৰালে অন্য সময়ত বিশেষ উপায় নাই। ৰাণীয়ে মন্ত্ৰণা সাজিলে, যে বিহুত ৰাজদৰ্শন বা হুৰি গোৱা আমাৰ দেশৰ প্ৰচলিত নিয়ম। এতিয়া মোৱামৰীয়াহঁত আমাৰ ৰজা। চতৰ বিহুত ছৰি গোৱাৰ ছলেৰে, শকত শকত মানুহ কিছুমান ভিতৰি অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত হৈ আহিলেই মোৱামৰীয়াহঁতক নিপাত কৰা যাব পাৰিব। মগলো কুৱৰীৰ মন্ত্ৰণাত সকলো আশ্বস্ত হৈ চতৰ বিহুত এই দৰে ভিতৰি অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত মানুহ এজাকে বাহিৰে ঢোল টকালৈ ৰাঘৰ ঘৰত হুছৰি গাবলৈ যায়। কোনো কোনোৱে ভাৰ-ভেঁটি লৈ ৰজা দৰ্শন কৰিবলৈ গৈছিল বুলিও কয়। এই সময়ত ৰমাকান্ত নামতহে ৰজা আছিল, মূল ৰাঘমৰাণেই। আমাৰ ৰজাৰ ফলীয়া মানুহবিলাকে ৰাঘৰ চোতালত ঢোল টকা বজাই হুছৰি গাবলৈ ধৰিলে গৈ। মগলো কুৱৰীয়ে আমাৰ ছদ্মবেশী সেনা যোৱ। গম পাই সাৱধান হল। ঢোল টকাৰ বাজনা শুনি ৰাঘই কুৱৰীক বৃত্তান্ত সুধিলে। কুৱৰীয়ে কলে যে “এই সকল আমাৰ দেশৰ ভদ্ৰলোকৰ লৰ। আমাৰ দেশত বিহুত ৰজা বা ডাঙ্গলোকৰ ঘৰত হুছৰি গাই আশীৰ্বাদ কৰা নিয়ম আছে। আপোনাসকলেই এতিয়া ৰজা দেখি আপোনাসকলৰ আগত হুছৰি গাবলৈ আহিছে।” ৰাঘই পাচে কুৱৰীক সুধিলে যে এতিয়া মই কি কৰিম। কুৱৰীয়ে ছল পাই, তামোলপান এশৰাই লৈ, তেওঁলোকৰ আশীৰ্বাদ লবলৈ কলে। ৰাঘই তপে সোণৰূপ এচ, আৰু তামোল পান এশৰাইলৈ আশীৰ্বাদ লবলৈ ওলাল। তেওঁৰ হাতত তৰোৱাল