৩১৪ অসমীয়া সাহিত্যৰ চানেকি। চন্দনাদিৰ নিৰ্মালি প্ৰসাদ কটিয়াই, নগুৰবৃত্তান্ত কৰিলে। শঙ্কৰ প্ৰচাৰিত নিয়ম মতে- “অন্য দেৱীদেৱ, নকৰিবা সেৱ, প্ৰসাদ নখাইব, গৃহক নইবা ভক্তি হৈব ব্যভিচাৰ।” বলেৰে ইয়াৰ বিপৰীত আচৰণ কৰাই, দুৰ্গতি কৰোৱাত মহন্তবিলাকৰ বৰ বেজাই হল। আন্ আন্ নিৰ্জ্জু শূদ্ৰমহন্তবিলাকে জানিবা “ৰজাৰ দণ্ডী, বনত বাস” ইয়াকে সুৱৰি, কাণমূৰ নেলাৰি মনে মনে থাকিল। কিন্তু মোৱামৰীয়া মহন্তৰ হলে বৰ অসহনি হল। কেনেকৈ ইয়াৰ পোটক তুলিব পাৰে, তেতিয়াৰে পৰা মোৱামৰীয়া মহন্তই ভিতৰে আলচ কৰিবলৈ ধৰিলে। মোৱামৰীয়া বিদ্ৰোহৰ এইয়ে প্ৰবল কাৰণ।। ইয়াৰ পাচত ফুলেশ্বৰী কুৱৰীৰ পৰলোক হয়। স্বৰ্গদেৱে তেওৰ ভনীয়েক দ্ৰৌপদীক বিয়া কৰাই, মদাম্বিকা কুঁৱৰী নাম দি, বায়েকৰ দৰে ৰজা পাতে। এওঁৰে। অলপতে পৰলোক হলে সলাল গোঁহাইৰ জীয়েক অনাদৰীক বিয়া কৰাই স্বৰ্গদেৱে সৰ্বেশ্বৰী নামদি ৰজা পাতে। ইয়াৰ পাচত ১৬৬৬ শকত স্বৰ্গদেউৰ পৰলোক হয়। মহাৰাজ ৰুদ্ৰসিংহৰ আদেশ অনুসৰি, এওঁৰ পুতেক ৰজা হব নোৱাৰিলে। শিৱসিংহৰ পাচত, ভায়েক প্ৰমথসিংহ ৰজা হয়। এওঁৰ দিনত আৰু মোৱামৰীয়াৰ একো উৎপাত নহল। ১৬৭৩ শকত এওঁৰ পৰলোক হলে এওঁৰ পাছত ৰাজেশ্বৰ সিংহ ৰজা হয়। | আমি এই খিনি কথা গোটেই চমু চপাই কলে।। ইয়াৰ লগত আমাৰ একো সম্পৰ্ক নাই। ইয়াৰ বিস্তৃত বিবৰণ পাঠক সকলে বুৰঞ্জীত পঢ়িব। প্ৰমথসিংহ ৰজাৰ মৃত্যুৰ পাছত, ৩ ৰুদ্ৰসিংহ স্বৰ্গদেউৰ আদেশ অনুসৰি তেওঁৰ তলতীয়া মাজিউজনা কুঁৱৰীৰ বৰজনা গোঁহাইদেউহে ৰজা হব লাগিছিল। কিন্তু সৰুতে বসন্ত ওলাই, তেওঁৰ শৰীৰ ক্ষত হোৱা গতিকে, তেওঁ ৰজা হব নোৱাৰিলে। ইয়াতে এও বিৰক্তহৈ, কিবা দ্ৰোহ আচৰণ কৰে বুলি. ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে সিংহাসনত বহিয়েই ককায়েক মোহনমালা দেউক বকতিয়াল বৰ বৰুৱাৰ পৰামৰ্শমতে ৰাজ্যৰ পৰা আতঁৰাই খেদায়। লতাকটা ৰণ, মণিপুৰীয়া ৰাজকন্যা কুৰঙ্গনয়নীৰ লগত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ বিবাহ, কীৰ্তিচন্দ্ৰ বৰ বৰুৱা, তেওঁৰ দ্বাৰাই বুৰঞ্জী নাশ, এই বিলাক এওঁৰ দিনতে হয়; ইয়াৰ বিস্তৃত বিবৰণ পাঠক সকলে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫৭
অৱয়ব