একাকাৰ মানৱৰ ধাৰেবোৱা সুখ,
দেখি হিংসা উপজিল দেৱতা প্ৰাণত।
দেৱতা-সেৱক নৰ। ছাৰ সুখ শান্তি,
অমৰ বাঞ্ছিত! দেখি হিংসা দ্বেষ যত
লাজ অপমানে দহিলে দেৱতা প্ৰাণ।
আৰোপিলে বিধাতাত পক্ষপাত দোষ।
চলিলা ত্বৰিতে পাচে, দেৱকুলমণি;
নিবেদিলা মনোদুখ বিধাতাৰ থানে।
দেৱতা স্তুতিত হল, সুপ্ৰসন্ন বিধি,
প্ৰতিশ্ৰুত সৃষ্টিকৰ্তা দেৱৰাজ পাশে,
ঘটাব সৃষ্টিৰ পুনু সংস্কাৰ যুগুত।।
প্ৰণমি প্ৰভুৰ পদ, হৰিষ অন্তৰে,
উভতিল দেৱৰাজ, পূৰ্ণ মনোৰথ।
নামিলা বিধাতা পাচে হেমকুট গিৰি;
ললেহি আসন, জুৰি সৃষ্টি গুণ গান,
প্ৰকাশিলে দিব্য জ্যোতি, নৰলোক মাজে।
উন্মত্ত মানৱকুল, উত্ৰাৱল চিতে,
চিটিকি চলিল হায়, ঈশ-জ্যোতি পাশে,
উতলা ফৰিং যেনে প্ৰদীপৰ ফালে।
চাপিল যেতিয়া কাষ, নৰ সৃষ্টি বেৰি,
সম্বোধি বুলিলা প্ৰভু সকৰুণ বাণী।
“জানা পুত্ৰ নৰগণ! সৃষ্টিৰ মহিমা,
উদ্দেশ্য ইয়াৰ এক নিগুঢ় কাৰণ।
বহুৰূপে তুষ্ট মই, বহু নামধাৰী,
বহুৰূপী সৃষ্টি মোৰ ব্ৰহ্মাণ্ড বিয়াপি।
মানৱৰ একাকাৰ, নেলাগে মনত
দেৱতাৰ অনুৰূপ বাঞ্ছো নৰলোক।
প্ৰত্যেক মানৱ দ্বিধা হোৱাঁ, আজ্ঞা মোৰ;
এক হন্তে দুই যেবে, প্ৰকৃতি পুৰুষ।”
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১৮
অসমীয়া সাহিত্যৰ চানেকি।