পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১২
অসমীয়া সাহিত্যৰ চানেকি।।

ব্যথা ঢুকি নেপালগৈ। দেউতাই যি ভাবি সেই কেই আষাৰ জ্ঞান দিলে, সেই ভাবত গোহাঁইদেৱ আচলতে নাই। তেওঁ যি ভাবত, সেই ভাব মই হে বুজিছোঁ। মই হে তেওঁৰ মনৰ আচল ভাৱ বুজি উচিত বুজনি দিব পাৰিলোঁহেঁতেন। দেউতাই বুজাওঁতে মই বাৰ-জলঙাই জুমি চাই আছিলোঁ। চাই চাই আৰু শুনি শুনি মোৰ মনে উচ্‌পিচাবলৈ ধৰিলে। মনতে এনে লাগিছিল, যেন দেউতাই আধা কোৱা কৰোঁতেই ইফালৰ পৰা আচল কাৰণটো মই কৈ দিম! যি হওক, দেউতাই বুজনি দিলে, গোহাঁইদেৱে শুনিলে। শুনিলে আৰু শুনিলে, তেওঁ একো এটি উত্তৰ নিদি দেউতাৰ কাষৰ-পৰা ভক্তিভাৱে আঁতৰি তেওঁৰ কোঠাত সোমালগৈ।

 এই ভাৱেই আপদীয়া দিন আৰু কেইবাটাও পাৰা হল। গোহাঁইদেৱৰ মনৰ বিকাৰ গুচাবলৈ মই একো এটা উপায় কৰিব নোৱাৰিলোঁ। গোহাঁইদেৱে ভাবিছে চাগৈ মই একেবাৰে তেওঁলৈ পাহৰিলোঁ বুলি। তেওঁ ভাবি লৈছে জানো, মই আঁপোন মনে মহা সুখে আছে, তেওঁৰ ভাৱনা ভাবিবলৈ মোৰ দৰ্কাৰ কি? তেওঁ জানিছে জানে, তেওঁৰ অন্তৰৰ বেদনা বুজোঁতা জগতত আৰু কেও নাই। এনে নিষ্ঠুৰ ধাৰণাত জানো গোহাঁইদেৱৰ শোক দিনে বাঢ়িছে। কিন্তু মোলৈ তেওঁৰ তেনে ভাব নিতান্ত অসহনীয়। মোক তেনে ভাবি যদি তেওঁৰ বেজাৰ বাঢ়িছে, তেন্তে মোত পৰ অভাগিনী আৰু জগতত নাই। ময়ে তেওঁৰ বেজাৰৰ ঘাই কাৰণ। ময়ে তেওঁৰ সেই বেজাৰ বঢ়াওঁতা, ইয়াতকৈ আৰু ডাঙ্গৰ বেজাৰৰ কথা মোলৈ কি হব পাৰে। যি হওক, কি উপায়ে নো গোহাঁইদেৱৰ মনৰ পৰা এই ভুল ধাৰণা গুচাব পাৰি, তাৰ চিন্তাত ধৰিলোঁ। ভাবি ভাবি একো উপায়-বুদ্ধি নেপাওঁ। কত পাঙ্গো কত ভাঙ্গো, একো এটা স্থিৰ কৰিব নোৱাৰোঁ। মোৰ উদ্দেশ্য হৈছে যে, মই গোহাঁইদেৱলৈ পাহৰা নাই বুলি কেনেকৈ তেওঁক জানিবলৈ দিয়া হয়। তেওঁ কেনেকৈ বুজিব পাৰে যে, মই সদায় তেওঁৰ ভাবনাতে আছোঁ। কি উপায়ে তেওঁক গম পোৱাওঁ যে, মই তেওঁক মোৰ প্ৰাণতকৈও ভাল পাওঁ। দুপৰীয়া নীৰলে সদায় এই চিন্তাত বহোঁ। দেউতা আৰু গোহাঁইদেৱ ৰজাঘৰলৈ ওলাই গলেই, ইফালে মোৰ এই চিন্তা। চিন্তো হয়, কিন্তু এদিনো তাৰ অন্ত নেপাওঁ। এই দৰেই কেইবা দিনো গল। এদিন দুপৰীয়া এই চিন্তাত ভাগৰি ফুলনি-বাৰীত সোমালোঁগৈ। দেখিলোঁ, মোৰ গোলাপ কেইজুপি ফুলি জমকাই আছে। তাৰে ভালকৈ ফুল এপাহি আৰু ঢোপাকলি এটি তুলি ললোঁ। কি ভাবি কব নোৱাৰোঁ কোনোবা এপাকে, গোহাঁইদেৱৰ শোৱাকোঠাত সোমালোঁহি। সোমাই ইফালে