পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শকুন্তলা। সূত্ৰধাৰ।—আইদেও বৰ বঢ়ীয়া গান। আহা! আপোনাৰ মধুৰ ৰাগে সভাসদ “সকলৰ মন মোহি পেলালে তেওঁলোক সকলোবিলাক চিত্ৰত আঁকা মানুহৰ দৰে অকণো কাতিকুত নকৰাকৈ একেথিৰে আছে। তেনেহলে এতিয়া কোন প্ৰবন্ধেৰে এওঁলোকৰ আৰাধনা কৰোঁক? নটী।—কিয় আপুনি প্ৰথমেই কৈছিল নহয় যে অভিজ্ঞান শকুন্তল বুলি নতুন নাটকেৰে ভাৱন কৰিব লাগে। সূত্ৰধাৰ।--আইদেও! ঠিক মনত পেলাইছে। মই এতিয়াই পাহৰি গৈছিলো; কিয়নো, যেনেকৈ সৌ লৰি-যোৱ হৰিণা পহুটোএ এই দুষ্যন্ত ৰাজাৰ মন হৰি আনিছে, সেই দৰে আপোনাৰ মধুৰ গানেও মোৰ মন হৰি নিছিল। প্ৰস্তাৱনা। সাৰপি।—(ৰাজালৈ আৰু পহুটোলৈ চাই) সৰ্গদেও! মই এই কৃষ্ণসাৰ | পহুটোলৈ আৰু গুণ-লগোৱা ধনু লৈ তাৰ পাচত খেদা-দিয়া সৰ্গদেওলৈ চকুদি মৃগৰূপ ধৰা যজ্ঞক খেদি যোৱা সাক্ষাৎ মহাদেৱৰ নিচিনা দেখিছোঁ। ৰাজা।–সাৰথি, এই হৰিণা পহুটোএ আমাক বহু দূৰলৈ আনিলে। সি এতিয়াও কেনে সুন্দৰ কৈ ডিঙ্গি ঘুৰাই ঘনে ঘনে আমাৰ ৰথলৈ চাইছে; কঁড়ৰ ভয়ত আকৌ তাৰ গাৰ আগ চোৱা পাচ চোৱাত কেঁচ খুৱাই সুমাইছে; ভাগৰত - মুখ মেলাত আধা খোৱা কুশঘাহবোৰ বাটত বেমেলি হৈ পৰিছে; চোৱাচোন, | সি দীঘল কৈ জাপ মৰাত দুভাগ বাট আকাশৰ ওপৰতেই গৈছে, মাটিত অলপ হে গৈছে! মই পাচে পাচে খেদি আহোঁতেও তাক ভালকৈ চালেহে দেখা পোৱা হল? সাৰথি।সৰ্গদেও, মাটি খলা-বমা দেখি মই লেকাম টানি ধৰাত ৰথৰ বেগ কম পৰিল; এই নিমিত্তেই সি ইমান আঁতৰ হল। এতিয়া আপুনি সমান ঠাইত পৰিছেহি, তাক পোৱা টান নহব। ৰাজা। -তেন্তে লেকাম ঢিলাই দিয়া। সাৰথি।—ভাল সৰ্গদেও, ( ৰথ খন বেগেৰে চলাই) সৰ্গদেও দেখোক, দেখোক, লেকাম ঢিলাই দিয়াত ঘোড়াবিলাকে কেনেকৈ ধপলিয়াইছে। সিহতৰ গাৰ আগকেইচোৱা একেৰাহে দীঘল হৈ ৰৈছে; মূৰত বন্ধা চামৰৰ আগবোৰ থিৰ হৈ আছে; কাণবোৰ ঠিয় আৰু লৰচৰ নোহোৱাকৈ ৰৈ আছে; আৰু