পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| সেউতি কিৰণ। ৫৯৩ প্ৰতিকৃতি নেদেখো। মোৰ জীৱন জাহাজৰ আগত যি পথ-আলো আছিল, সি নিষ্প্ৰভ হৈছেহি। বিপদৰ বন্ধু তুমি মদ! তুমি এইবাৰ বন্ধুৰ কৰ্ত্তব্য আচৰ।। মোৰ গধুৰ ভাগৰ তোমাৰ বুৰবুৰণিত লুকাওক। | (মদ পিয়ে।) নন্দনৰ প্ৰবেশ। নন্দন! তুমি অহাত সন্তোষ পাইছোঁ। নন্দন। মই তোমাক বিচাৰি সেউতীৰ ঘৰলৈ গৈছিলোঁ। তাত নেপাইহে ইয়ালৈ উভতিলোঁ। কিৰণ। সুহৃদয়! মোৰ আগত আৰু ‘সেউতী’ নাম নুলিয়াবা। মোৰ চকুৰ মণি.সেউতীক দূৰ কৰা, চকুৱে জগতক এন্ধাৰ দেখোক। মোৰ প্ৰাণৰ ডোক। সেউতীক আজি আঁতৰোৱা, প্ৰাণ নিঃসহায় হৈ হলি পৰোক। | নন্দন। মই বুঝিব পাৰিছে, তুমি সেউতীৰ চৰিত্ৰৰ প্ৰতি সন্দিহান হৈছা। কাতৰ নহবা, সেউতী অতি সচ্চৰিত্ৰৱতী। কিৰণ। আপ্ত! মই সেউতীৰ স্বভাৱৰ পৰিমাণ কৰিলে। নন্দন। তেওঁৰ স্বভাৱ অনিন্দনীয়। তেওঁ তোমাক অন্তৰেৰেসৈতে ভাল পাই। তেওঁ সকলোকে সাদৰ সম্ভাষণ কৰে। এইটি বৰং তেওঁৰ এটি মহৎ গুণ। এইবাবে তেওঁৰ চৰিত্ৰ কলুষিত বুলি ভাবিলে তেওঁৰ প্ৰতি অন্যায় কৰা। হব। গাখীৰক তুমি বিষ এঠা বুলি বিবেচনা নকৰিবা। তেওঁ নিঃসঙ্কোচে সকলোৰে সৈতে আলাপ কৰে; কিন্তু তোমাক তেওঁ ভাল পায়। প্ৰিয় বন্ধু! এতিয়া আশ্বস্ত হোৱ, মই আহে। [স্বগত) শোক মেঘৰ সঞ্চালন কৰি তাক আৰু বিস্তাৰিত নকৰোঁ। | [ প্ৰস্থান।] কিৰণ। তেওঁ নিঃসঙ্কোচে সকলোৰ সৈতে আলাপ কৰে; কিন্তু মোক তেওঁ ভাল পায়’! নন্দন সৰল লোক; তেওঁৰ মন আৰু মুখৰ মাজত শত্ৰুতা নাই; দুয়ো একেধাৰেৰে কাম কৰে। ঈৰ্ষাৰ খন্তেক স্তব্ধ-জড় বাজনাত আজি নন্দনে, আকৌ বাজিবলৈ চাবি দিলে। | [ প্ৰস্থান।] | দ্বিতীয় দৰ্শন।—হৰদত্তৰ ফুল-বাগিচা। সুৰখ আৰু সেউতীৰ প্ৰবেশ। সুৰথ। সেউতি! চোৱাচোন, গোলাপ ফুলটি কেনে সুন্দৰ! নীয়ত পাহিবিলাক প্ৰফুল্লিত হৈছে, থাকি থাকি নীয়ৰ কণিকাবিলাক গছটিৰ গাইদি লাহে লাহে বাগৰি পৰিছে। ৭৫