পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৮
অসমীয়া সাহিত্যৰ চানেকি।

প্ৰতি ঢউ মুখে, হেঙ্গুলি বেলিয়ে, এটি এটি চুমা দিব,
তাতে বগা মেঘে, ৰঙ্গা দাঁত মেলি, দূৰতে হাঁহি মাৰিব।
তৰাৰ মাজত, ৰূপহী জোনায়ে, ভুবন পোহৰ কৰি,
অমীয়াৰ ধাৰ, বাকি দিব মুখে, মনৰ বিষাদ হৰি।”
এইবোৰ ভাবি, ৰূপহী পাণেসই, ঘৰক এন্ধাৰ কৰি,
নীল সাগৰলৈ, বেগে গুচিগল,—কল্‌মৌ পাতৰ তৰি!
ইফালে ঘৰত, মাক বাপেকীয়ে নেদেখি চেনেহী জী,
বিয়াকুল মনে, আক তাক সোধে, আইটীৰ হলনো কি?
লৰা কি ছোৱালী, সাগৰ-পৰীয়া সকলোৱে দেখি বোলে,
“চোৱাঁহি জগৎ, নীল সাগৰত, সোণালী প্ৰতিমা খেলে।
আথে বেথে গই, দেখি জীয়েকক, ইমান বিনাই কলে, :-
 “ঐ আই পাণেসই,
 “মোৰ ঘাটে চপাই দিয়াঁ নাও,
“দুহাতে দুমুঠি, দি যাওঁ চাৰি মুঠি, গলত দি যাম হাৰ;
“খাটলি পিৰাতে, বহি ভাতে খাবা, বেটীয়ে ধৰিব আল্।
 “ঐ আই পাণেসই।”
“খাটলি পিৰাতে, বহি ভাতে নেখাওঁ, বেটীয়ে নধৰক আল্,
উলটি যোৱাঁগৈ, নাহিবা কাষলৈ, মোৰ ই দশাই ভাল।
আজলী ছোৱালী, পাই ভাল কৰিলা, নেথাকো মানুহ-মাজে,
আঁতৰে আঁতৰে, থাকিম ঐ নিলগে, যাম্‌ নো কোনটো লাজে।”
পূৰ্ণিমাৰ জোন, চাওঁতে চাওঁতে, মাৰিলে পানীত বুৰ,
ঢউ ঢউ মিলি, ধৰাধৰি কৰি, ধৰিলে গানৰ সুৰ।।
শ হাত দুৰৈত, নীলিমাৰ মাজে, সোণালী পদুম পাহি,
ওলাল আকউ, ভুবন উজলি, পাণেসই আইটী ভাহি।
আপোন মনেৰে আপোনাৰে ভাৱে, আপুনি সদাই ভোল,
গুন্ গুন্ কৰি, কত গান গায়, কোনেনো বুজিব মোল।
কত দিনা গই, সাগৰ-পাৰত, সাদৰী বাপেক মাকে,
কত নো বিনায়, পাণেসই নেচায়, খুন্দামাৰি ধৰে শোকে।
এদিনা পুৱাতে, সাগৰ-পাৰৰ, এজোপা গছৰ মূলে,
দেখিলে মানুহে, পাণেসই আই, অনন্ত কাললৈ শুলে।