পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৮০ অসমীয়া সাহিত্যৰ চানেকি। হাবিৰ পৰা ওলাই আহি স্বামী-স্ত্ৰী ভাবে বাস কৰেহি আৰু বিবাহৰ বাবে এটি ভোজ দিয়েহি। মানদেশৰ বিবাহৰ নিয়ম ইমান ঢিলা যে প্ৰায় সকলো বিদেশী মানুহেই সেই দেশত কাম বা বেপ'ৰ কৰিবলৈ গৈ এজনী বা দুজনী মান তিতা ৰাখিছে। মাদ্ৰাজৰ ফালৰ মছলমানবিলাক আৰু ইংৰাজবিলাক এই বিষয়ত অগ্ৰণী বুলি আমি শুনিবলৈ পালে। বৰ দুখৰ বিষয় যে অনেক সুসভ্য ইংৰাজে গাইপতি এজনী বা দুজনীকৈ মান-তিৰু ৰাখি, সেই তিক্ততাৰ দুটি বা এটি লৰা ছোৱলী হলেই তাইক এৰি পেলায়। এইদৰে এৰা তিৰুতাৰ সংখ্যা অনেক বাঢ়িছে; তাৰ লগে লগে জহৰা লৰা মাউৰা সন্তান, ‘বেওৱাৰিছি” পুত্ৰকন্যাৰ সংখ্যাও অনেক বাঢ়িছে। দয়ালু ভাৰত গবৰ্ণমেন্টে ইয়াৰ সোনকালে প্ৰতিকাৰ কৰা উচিত। ১৮ মাৰ্চ ১৮৯৩। আজি আবেলি ৪ বজাৰ পাছত Letter Steet Wharf নামে ঠাইত পেন্টাকটা ষ্টিমাৰত উঠে।। আমাক আগ বঢ়াই থবলৈ ৭জন মান বঙ্গালী বন্ধু আহিছিল। ৰাতি ২ বজাত জাহাজ খুলিবৰ কথা আছে। সুতং জাহাজত মালবস্তু গৈ আমি আমাৰ বন্ধু সকলৰ লগত গোটখাই “মিউনিসিপ্যল বজাৰ” চাবলৈ গলে।। বজাৰৰ প্ৰায়বিলাক ঘৰ কাঠেৰে সজা। প্ৰায় দোকানতে মান তিবিলাকক বস্তু বাহানি বেচা দেখা পালোঁ। আমাৰ লগৰ বঙ্গালী বন্ধু কেইজনে কিছু বৰ্ম্মিজভাষা জানে; তেওঁলোকৰ সাহায্যত আমি কেইটিমান বস্তু কিনিললে।। এজন বন্ধুয়ে মোক “মৰিয়াম” নামে এবিধ ফল কিনি দিছিল, সেই ফলৰ আকৃতি কেঁচা শিলিখাৰ সমান হব; তাক খাবলৈ টেঙ্গা; এই ফলৰ এটা আচৰিত গুণ শুনিলোঁ, সি এই যে, যদি কোনো মানুহক বলীয়া কুকুৰে বা শিয়ালে কামোৰে তেন্তে এই বিষ ফল খালে তৎক্ষণাত আৰোগ্য হয়। এই কথা ব্ৰহ্মদেশৰ অনেক মানুহে কয়; কিন্তু ইয়াৰ প্ৰমান আমি এই পৰ্যন্ত পৰীক্ষা কৰি চোৱা নাই। ব্ৰহ্মদেশত আৰু এবিধ ফল আছে; তাক দেখিবলৈ কঁঠালৰ নিচিনা। কিন্তু কঁঠালতকৈ তাৰ আকৃতি কিছু সৰু; সেই বিধ ফল খাবলৈ অতি উত্তম। আমাৰ লগৰ বন্ধু সকলক বিদায় দি আমি আমাৰ জাহাজৰ কেবিনত সোম- লোহি। ৰাতি ২ বজাত জাহাজে লঙ্গৰ তুলি ধীৰে ধীৰে সাগৰৰ ফাললৈ যাবলৈ ধৰিলে।