সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬০
অসমীয়া সাহিত্যৰ চানেকি।

 ঢেৰেকনি ধুমুহাৰ,
 স্বৰগৰ চোকা ধাৰ,
একোকে নকৰি ভয় তোমাকেই ভজিলোঁ;
হৃদয়ৰ হৃদয়তো সি ৰূপকে জপিলোঁ।

 তথাপিতো হাঁয় হাঁয়,
 দেখি মোৰ সি বিলাই,
এবাৰো নোলালা দেবি, এবাৰৰ নোলালা,
ধাৰাসাৰে কন্দুৱাই শুদা ৰং চালা।
 ভালপোৱা বোলে কাক,
 আপুনি শিকালা তাক,
খুজিলত ভাল পোৱা কিন্তু হায় নিদিলা ,
পিয়াহ লগাই কিয় পানী নিদি বধিলা।

কিমান যুজিলোঁ। মই উজাবৰ গুণে,
 নিৰাসৰ চেচুক সোতত,
 লাল কাল হলোঁ ভাগৰত,
 হাত ভৰি ঠেৰেঙা লাগিল,
 ভালপোৱা কুঁহিতে ভাগিল,
মেঘত চৰ বিজুলী, আকাশ-কুসুম বুলি,
দুনাই তোমাক দেখা—দুৰাশাক তেজিলোঁ,
 হুমুনিয়া টানি টানি,
 আপোন কপাল মানি,
বুকুত সাবটি হাত কামনা তিয়াগিলোঁ,
চাপৰিৰ আমপুলি চাপৰিতে থাকিলোঁ।

 থাকোঁতে মৰাৰ প্ৰায়,
 বগাবৰ ছল পাই,
এজুপি লাহৰী লতা মাধৈমালতী;
মেৰাই মেৰাই মোক ললেহি সাবটি,