পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪৩
স্তুতি।

জ্ঞানৰ অতীত তুমি অনাদি কাৰণ,
ৰাখিছা জ্ঞানক মোৰ কৰি আচ্ছাদন;
এইমাত্ৰ জানো প্ৰভু তুমি দয়াময়,
আৰু জানো মই মূঢ়মতি অতিশয়।

যদিও ৰাখিছা এনে অন্ধ অৱস্থাত,
দিছা শক্তি ভাল বেয়া বাচিবৰ গাত;
ভাগ্যৰ লগত টানি বান্ধিও জীৱক,
দিছা চিৰস্বাধীনতা নৰৰ মনক।

বিবেক যি কৰে মোক কৰ্ম্মৰ বিধান,
হক যেন ৰতি তাত স্বৰ্গৰ সমান;
অথবা নকৰ বুলি যি কাম দঢ়ায়,
হক যেন ঘিণ তাত নৰকৰ প্ৰায়।

অপাৰ কৃপাৰ গুণে যি দিছা ঈশ্বৰ,
অসন্তোষ তাত যেন নহয় মনৰ;
তেতিয়া হে ৰাখে লোকে তোমাৰ সন্মান,
যেতিয়া সুখেৰে ভোগে তুমি দিয়া দান।

কেৱল ই এচমকামান পৃথিবীতে,
বইছে তোমাৰ দয়া নাভাবো কচিতে;
আৰু যেন তুমি মাত্ৰ নৰৰে ঈশ্বৰ,
নেভাবোঁ যি হেতু প্ৰভু সহস্ৰ বিশ্বৰ।

এই যেন বলহীন অজ্ঞানৰ হাত,
নেপেলায় পাপী ভাবি দণ্ড কাৰৰ গাত;
তাকে যেন নকৰিম মন্দ ব্যৱহাৰ,
ভাবোঁ যাক পৃথিবীত বিপক্ষ তোমাৰ।

ধাবিত ন্যায়ৰ তুল যদি ৰইছোঁ সমান,
তাতে যেন ৰাখা প্ৰভু কৰি কৃপাদান;
যদিহে ভ্ৰমত থাকোঁ অন্যায় আচৰি,
শিকোৱাঁ হৃদয়ে লক সুপথ বিচাৰি।