পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২৮
অসমীয়া সাহিত্যৰ চানেকি।

থাকিলে সিহঁতে কাম কৰিবলৈ টান পাব, সেই বাবেই সিহঁতে ইংৰাজ হাকিম বিলাকক বুজাবলৈ ধৰিলে যে অসমীয়া ভাষা এটা বেলেগ ভাষা নহয়। ই বঙ্গালী ভাষাৰে চহা অৱস্থা মাথোন, আৰু অসমীয়া ভাষাৰে টান টান ভাবৰ একো কথাকে প্ৰকাশ কৰিব নোৱাৰি।

 ইংৰাজ বিদেশী, কি জানে, প্ৰথমতে গৈ সোমাইছে মাথোন। তাৰ মানুহৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ মাত কথাৰ বিষয়ে একো নেজানে। আৰু বঙ্গালীক অসমীয়াত কৈ বেছি শিক্ষিত বুলি জানে। কাজে কাজেই কেৰাণী কামৰ নিমিত্তে বনাই ফুৰা সেই বঙ্গালী বিলাকৰ কথাকে সাৰোগত কৰি, অসমীয়া ভাষাক ১৮৩৬ চনত আদালতৰ পৰা বাজ কৰি, তাৰ ঠাইত বঙ্গালী ভাষাক বহুৱালে। ইংৰাজ ৰাজত্বৰ এটা মূল নীতি সাধাৰণৰ শিক্ষা বহলাই মানুহক জ্ঞানৰ পোহৰলৈ অনা, সেই নীতি অনুসাৰে অসমীয়া মানুহৰ মাজতো জ্ঞানৰ পোহৰ সুমাবলৈ কাৰবাৰ কৰিলে। এই উপলক্ষে অসমৰ ডাঙ্গৰ ইংৰাজ বিষয়া সকলৰ মাজত আলচ হল। অসমীয়া মানুহক অসমীয়া ভাষাৰে শিকোৱা হব নে, বঙ্গালী ভাষাৰে শিকোৱা হব। যি সকলে বঙ্গালীক কটকী পাতি অসমীয়া ভাষাৰ ভূ লৈছিল, সিবিলাকে বঙ্গালী ভাষা, আৰু যিবিলাকে নিজে ভাবি চাই অসমীয়া ভাষাক বঙ্গালী ভাষাৰ পৰা বেলেগ আৰু বহুত আঁতৰ দেখিছিল, সি বিলাকে অসমীয়া ভাষা বুলি কলে।

 কিন্তু দুৰ্ভাগ্য গতিকে সাধাৰণ শিক্ষাৰ ভাৰ আগৰ শ্ৰেণীৰ মানুহৰ ওপৰত থকাত, অসমীয়া মানুহৰ লৰাৰ পঢ়াশালিত, অসমীয়া ভাষা নহৈ বঙ্গালী ভাষা সুমুৱা হল। এই দৰে অসমীয়া ভাষাক আদালত আৰু পঢ়াশালি দুই ঠাইৰ পৰা খেদাই দিয়া হল। অসমত বঙ্গ ভাষাৰ ৰাজত্ব আৰম্ভ হল।

 জাকে জাকে খাবলৈ নোপোৱা বঙ্গালী কেৰাণী, আৰু বঙ্গালী ইস্কুল মাষ্টৰ লৰা তিৰোতা বুকত বান্ধিলৈ অসমত হাজিৰ হল গৈ। ইপিনে অসমীয়া মানুহে সাজ সজুলি, ওহল মাহল লৈ, কানি পান কৰিবলৈ, কানি খোলাৰ ওচৰত বহিল। অসমীয়া ভাষাৰ সলনি, অসমীয়া পঢ়াশালিত বঙ্গালী ভাষা সুমুৱাত, অসম দেশৰ যে কিমান হানি হল তাক কৈ কোনে ওৰ পেলাব। প্ৰথমতে দেশী মানুহৰ মুখৰ ভাত কাঢ়ি নি বিদেশীক দিয়া হল। অসমীয়া ভাষা পঢ়াশালি আৰু আদালতৰ ভাষা থকা হলে বহুত অসমীয়া মানুহে আদালতৰ কামত সোমাই জীবিকা আৰ্জ্জিব পাৰিলে হেতেঁন। আমাৰ দুখীয়া দেশৰ ধন, দুখীয়া দেশতে ৰল হেতেন। কিন্তু বঙ্গালী ভাষা হোৱাত অসমীয়া মানুহে, তেনে কাম পাব নোৱাৰা হল আৰু অসমৰ টকা বঙ্গালীৰ ভোজ হল।