পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২৬
অসমীয়া সাহিত্যৰ চানেকি।

সাগৰেৰে তোমাৰ কি ইমান প্ৰণয়?
এখন্তক নেদেখিলে পৰাণ নৰয়!
 সি প্ৰেমত পমি গই
 শত ধাৰা ৰূপে বই
সাগৰক পালে তাতে পোৱা তুমি লয়!
কুল্‌ কুল্‌ কুল্‌ গান তাতে লোপ হয়॥


বুজিছোঁ বুজিছোঁ তুমি পৰম প্ৰেমিক,
তোমাক দেখিয়ে দিওঁ মানৱক ধিক্;
 হব নে মানৱ হায়!
 প্ৰেমিক তোমাৰ প্ৰায়,
ৰাখিব আগত সদা লক্ষ্য কৰি ঠিক।
—তোমাক দেখিয়ে দিওঁ মানৱক ধিক্‌॥


শিকোৱাঁ শিকোৱাঁ হে নদ পুণ্যবান,
শিকোৱাঁ আমাক তুমি প্ৰেম কিনো ধন,
 তোমাৰ দৰেই যেন
 কুল্ কুল্ তুলি গান
পাৰিম কৰিব এক মন এক ধ্যান।
শিকোৱাঁ শিকোৱাঁ হেৰা নদ পুণ্যবান॥


তোমাৰ নিচিনা যেন লক্ষ্য স্থিৰ কৰি
চলি যাওঁ সেই পথে মহা মন্ত্ৰ স্মৰি।
 ৰোগ শোক তাপ ভয়
 সকলো কৰিম জয়।
অন্তিম কালত যেন সকলোকে এৰি।
অনন্তত লীন হব ই জীৱন তৰি॥