পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১০
অসমীয়া সাহিত্যৰ চানেকি।

নেদেখি তাক ব্যৱহাৰ নকৰিছিল, বা কেতিয়াবা কদাচিত হে কৰিছিল। এনেকুৱা হোৱাৰ পৰা উটচৰাইৰ ডৌকাবোৰ দুৰ্বল হবলৈ ধৰিলে আৰু ঠেঙ্গৰ কাৰ্য্য বাঢ়ি অহাত সেই অঙ্গৰে কালত ক্ৰমিক উন্নতি হবলৈ ধৰিলে। অৱশেষত উটচৰাইৰ ডৌকাখন কাম কৰিবলৈ একেবাৰে অক্ষম হৈ পৰিল আৰু ঠেঙ্গৰ শক্তি ইমান বাঢ়িল যে তাৰ একে গোৰত ডাঙ্গৰ ডাঙ্গৰ জন্তুৰে প্ৰাণ বধ হব লাগিছে। কেকোৰা প্ৰভৃতি সদাই মাটিৰ তলৰ আন্ধাৰ গাতত সোমাই থকা বহুত জীবৰ চকুৰ আৱশ্যক আৰু কাৰ্য্য প্ৰায় নথকাৰ বাবে সিহঁতৰ সেই অঙ্গহীন বা বিকৃতি হোৱা দেখা গৈছে।

 প্ৰাণীবিলাকৰ অপৰিসীম বৃদ্ধিয়েই সিহঁতৰ মাজত জীৱন ৰক্ষাৰ বাবে ঘটা যুদ্ধবলৰ কাৰণ। প্ৰত্যেক জীৱই যিবিলাক সন্ততি উৎপাদন কৰে সেই এটাই বিলাক যদি তিষ্ঠিব পাৰি বাঢ়ে, তেনেহলে অতি অলপ কালতে পৃথিবী প্ৰাণীৰে ভৰি পৰিব। কিন্তু তেনে কেতিয়াও নহয়। প্ৰাণীৰ সংখ্যা সৰহ হলে সিহঁতৰ মাজত নানা কাৰণৰ বাবে প্ৰতিদ্বন্দিতা হৈ উঠে, যি যোগ্য সি ৰক্ষা পায়, যি অযোগ্য সি নষ্ট পায়। জীৱন ৰক্ষাৰ নিমিত্তে যুজ—এইটো অলপ বুজিবলগীয়া কথা। খাদ্য নোহোৱাৰ সময়ত দুটা কুকুৰৰ মাজত জীৱন ৰক্ষাৰ কাৰণে যুজ হোৱা। বুলিব পাৰি। মিচল্‌টো নামৰে এবিধ গছত-গজা উদ্ভিদ আছে। সেইবিলাক সাধাৰণত এপল্‌ গছত হয়। যদি একেডাল গছতে তেনেকুৱা বহুত মিচল্‌টো গজে তেনেহলে এডালো বাঢ়িব নোৱাৰে, হেচাহেচি হোৱাত এটাইবিলাক মৰি যাব। আকৌ মিচল্‌টোবিলাক এডাল গছৰ পৰা আন গছ এডালত হবলৈ চৰাইবিলাকৰ সহায়তা লাগে, কাৰণ চৰাইবিলাকে সিহঁতৰ গুটিবিলাক নি আন গছৰ খোৰোঙ্গত নেপেলালে আৰু আন উপায়ে সেই গছত মিচল্‌টো হব নোৱাৰে। চৰাইবিলাক সদাই মিচল্‌টো থকা গছলৈ নাহে; সেই দেখি ভাবি চালে মিচলটো বোৰে, আন আন যিবিলাক গছে ফল উৎপাদন কৰি চৰাইবিলাকক আকৰ্ষণ কৰে, তেনেবোৰ গছেৰে জীৱন ৰক্ষাৰ কাৰণে প্ৰতিদ্বন্দিতা কৰে। এইদৰে প্ৰতিদ্বন্দিতা কৰি জীৱ-সংখ্যা নকমা হলে পৃথিবীত এক ভয়ানক ঘটনা হৈ উঠিলহেঁতেন। হাতীয়ে সকলোতকৈ কম সন্ততি উৎপাদন কৰে। ডাৰউইনে স্থিৰ কৰিছে যে সাধাৰণত হাতীয়ে ৩০ বছৰ বয়সৰ পৰা পোৱালী জগাবলৈ আৰম্ভ কৰি ৯০ বছৰ বয়সলৈকে তিনিযোৰ মাথোন পোৱালী প্ৰসৱ কৰে। এই নিয়মে চলি গলে ৫০০ বছৰৰ মূৰত পৃথিবীত একেযোৰ হাতীৰ পৰা ১৪ নিযুত হাতী উৎপন্ন হয়। কিন্তু হাতীৰ সংখ্যা ইমান সৰহ হলে কেতিয়াও এটাইবিলাক তিষ্ঠিব নোৱাৰে; সিহঁতৰ