কনক লাল বৰুৱা।
আমাৰ শিল্প।
সকলোৱে মানিব লাগিব যে আমাৰ শিল্পৰ উন্নতি আগেয়ে অধিক আছিল। আমাৰ এতিয়ালৈকে থকা পুৰণি বস্তু বিলাক দেখিলেই সেই কথা ভালকৈ বুজিব পাৰি। শিলকটা, কাপোৰ বোৱা, অলঙ্কাৰ আৰু কঁহি বাটি গঢ়া, হাতীৰ দাঁত বা পহুৰ শিঙ্গৰ বন কৰা প্ৰভৃতি কামত, বুঢ়াবিলাক বহুত গুণে আমাতকৈ শ্ৰেষ্ঠ আছিল, সেই বিলাক গুণ লাহে লাহে আমাৰ গাৰ পৰা যাব লাগিছে, আমিহে তাক দেখিও দেখা নাই। অসম-ৰজা সকলৰ লগে লগে দেৱ-মন্দিৰ বিলাকত দেৱমূৰ্ত্তি, শিলৰ খুটা, শিলৰ দুৱাৰ কটাও শেষ হল। সেই বিদ্যা এতিয়া আমাৰ মাজত লোপ হৈছে। আমাৰ দেশত আগেয়ে বহুত ভাল ভাল কাপোৰ শিয়া হৈছিল। ৰজাঘৰৰ আৰু ডাঙ্গৰীয়া সকলৰ কাপোৰ কানি জোলা বিলাকৰ দ্বাৰাই বোৱা হৈছিল। জোলাৰ বংশই এতিয়া ধ্বংস পালে। সিহঁতে কপাহী, পাট, মুগ, মেজাঙ্কৰী, কেটকূৰি, এৰি প্ৰভৃতি কাপোৰ বৰ চিকণকৈ বৈছিল। তিমান মিহি কাপোৰ এতিয়া আমাৰ দেশত নাই। অসমীয়া পাট সকলোতকৈ শ্ৰেষ্ঠ, কিন্তু বঙ্গদেশৰ পৰা এতিয়া সস্তা ভাৱেৰে পাট আমদানি হোৱাত সেই কাপোৰৰ ব্যৱহাৰ একেবাৰে বন্ধ হল। মেজাঙ্কৰী আৰু কেটকুৰিৰ দশা সেইয়ে। মুঠেই মুগা আৰু এৰি এই দুই কাপোৰ হে আমাৰ দেশত আজিলৈকে আছে। তাৰে অৱস্থা ভাল নহয়। তাৰ কাৰণ প্ৰথমতঃ—বহুত ঠাইত আমাৰ ডেকা সকলে মুগাৰ মেখলা গাৰুৰ গিলিপ বুলি এৰি দিছে। দ্বিতীয়ত—এই বিলাক কাপোৰ বহু মূলীয়া, বহুতে সেই বাবেই পাট মুগা কাপোৰ পিন্ধিব নোৱাৰে। এই দেখি মুগা এৰি কাপোৰ আগৰ সমান বোৱা নহয়। কিন্তু বহুতে এই কথা নেমানে। তেওঁলোকে কয় যে আগতকৈ মুগা বা এৰি কাপোৰ বোৱা একো কম হোৱা নাই বৰং অধিক হৈছে; গবৰ্ণমেণ্টেও তাকে কয়।
আমাৰ প্ৰজা সংখ্যা আগতকৈ এতিয়া অধিক হবও পাৰে। কিন্তু সেই বুলি অসমীয়া মানুহৰ সংখ্যা অধিক হোৱা নাই। বঙ্গালী, হিন্দুস্থানী প্ৰভৃতি ভাৰতৰ