পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰিয়তমা। ৪৮১ কাক দিল। তযু পুত্ৰ প্ৰিয় ঘৰিণীক। ক’ত থল। ঐশ্বৰ্যক সুৱৰ্ণ মানিক। অসময়ে কলৈ গলা মোক জুইত ভাজি। থাকিম কাৰ মুখ চাই তান্ধকাৰ আজি। ক্ৰৰ বিধি কিয় এনে দুঃখ ঘোৰ দিলি? প্ৰিয় ৰত্ন প্ৰিয় জন প্ৰাণ প্ৰিয় নিলি। এই পাপে কোনো জন্মে তোৰ মুক্তি নাই। কোন সতে মোৰ ঘোৰ দুঃখ আছ চাই। বিলাপ নকৰা দেবি! বিধি নোহে দোষী।। প্ৰকৃতিৰ ধৰ্ম্ম ইতো জানিবা বিশ্বাসী। সেহি কাৰণহে জীৱ দুঃখী সুখী হয়। ধৈৰ্য্য ধৰা সুখ দুঃখ চক্ৰত ঘূৰত॥ প্ৰিয়তমা। জনমৰ পৰা, শুনি আহি আছো, মুকুতা মালাৰ কথা; কত পোৱা যায়, | কেনেকুৱা বস্তু, কিন্তু নাই পোৰ। দেখা? প্ৰিয়া! শুনিযোৱা, বুলিদিলো মাত, মাৰি হাঁহি মিচিকীয়া, হাঁহিয়ে হঁহাই, উদঙ্গালে দাত, কলে। অঙ্গুলিৰে চোৱা। আৰু আছে। শুনি, কিন্তু নাই দেখা, ৰঙ্গা পোৱালৰ মণি? আকৌ দেখুৱালে। প্ৰিয়তমা ওঠ, হেঙ্গুলী পোৱাল মণি।