পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৃত্যু শয্যা। ৪৭৭ ঠায়ে ঠায়ে ঐক্যতান দল মন কাণ কৰিয়া শীতল, সুমধুৰ সংগীত কৰিছে। এইৰূপে অল্পক্ষণ আছে, পড়িল “পাৰদ।” সন্ধ্যা পাছে লুকালে আপোন কলেবৰ। আপোনাৰ পাল উপস্থিত, দেখি নিশা হই পুলকিত সমাগতা আকৃতি গম্ভীৰ। মৃত্যু শয্যা। কি তাশ্চৰ্য্য বন্ধুবৰ? কি হ’ল তোমাৰ? কিয় তুমি পৃথিবীত কৰিছা শয়ন? হেন ভাৱ দেখি ঘোৰ, কঁপিছে শৰীৰ মোৰ, কৰিব নোৱাৰো মন বলেৰেও থিৰ, অবিশ্ৰান্তে আখি মোৰ কৰিছে ক্ৰন্দন। কিবা শোক কঁড়ে আসি বিন্ধিলে তোমাক, মৰ্ম্মাহত হই জানো আছ৷ তাৰ ছোটে, কিবা তুমি ফাকি কৰি, মাটিত লেটিলৈ পৰি, পৰীক্ষিছা বান্ধবৰ মনৰ ভাৱক, দেখা চতুৰ্দিকে পৰি সিবিলাকে ললাটে। পূৰ্বৰ আৰ্য যোগী সবে যি যোগ আচৰি, পৰমাত্মা ঈশ্বৰক কৰিছিল ধ্যান, স্মৰি কিবা সেই যোগ ত্যজি সাংসাৰিক ভোগ, নিমজ্জিছ ঈশ্বৰত সমাধিক ধৰি, নতুবা কলৈ তোমাৰ গল পূৰ্বজ্ঞান।