পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া জাতি ডাঙ্গৰ জাতি। ৪৭১ ( সদাচাৰ।—অসমীয়াৰ সদাচাৰজগত-জাননী পতিতপাৱনী। বামুণভেকোলাৰেসৈতে অসমীয়া সমানে পানীত পৰি থাকে বুলিলেও বৃহৎ বৰুৱাৰ গাত অত্যুক্তি দশাদোষ গ্ৰহদোষ নপৰ্শে। বৰবৰুৱাই হিচাপ কৰি চাই অবগত হৈছে, যে গৰ হিচাপে অসমত “সাৰে” পাঁচ সত্তৰ-জন অসমীয়াই দিনটোত তিনি জোবোৰা মাৰে। অৱশ্যে নিন্দকে কয়, “ভালেমান সদাচাৰী অসমীয়াই গাধুবলৈ গৈ, বিশেষকৈ ৰাতি এঘটী পানীলৈ কোনোৱে পানীপাছত কোনোৱে গাত হুৰন্থৰ কৈ ঢালি তিন ধাৰ বোৱাই শেহাই-ফোঁপাই ‘গঙ্গে ত্ৰিভুবন তাৰিণী ত্ৰাহি মা তৰঙ্গে’ বা ‘মোৰ পৰম গু-উ-উ-ৰু’ বুলি ঘৰৰ ভিতৰ পায়হি।” নিন্দকৰ হাত সৰা টান। বৰবৰুৱাৰ বাহিৰে নিন্দকক “জব্দ কনেৱালা আউৰ কই নাহি হেঁয়।” তেওঁ “মৃগ-মীন-সজ্জননাং” এই শ্লোকৰ মোৰোৰা লগাই বাহ-নিন্দকক হালে হালে সাঙ্গুৰি সদাচাৰৰ মৰণা মাৰিবলৈ নো কত দিন লগাইছে তাৰ এতৱন্ত নাই। ঘটীৰ পানী তিন ধাৰা হৈ যোৱাত হানি কি? চৰ্চিব জানিলে তাতে গূঢ়াৰ্থ আছে। সেই তিন ধাৰা সংক্ষেপে গঙ্গা, যমুনা, সৰস্বতীৰ বাহিৰে আৰু কি হব পাৰে? ধৰ্ম্মতঃ কবলৈ গলে সদাচাৰৰ পাকে অসমীয়া শিৰৰ মুকুট। ৰঙ্গাচুৰীয়া, ৰামনামী কাপোৰলৈ যেতিয়া তেওঁ গা ধুই ধুতি হৈ আহিব, তেতিয়া নেওঁক ‘দৰ্শনে পুণ্যং’ ‘স্পৰ্শনে পাপনাশনং'। নিন্দকৰ চকুত ৰঙ্গাচুৰীয়াৰ তিনি পুৰুষীয়া মলি আৰু নাকত ৰামনামী কাপোৰৰ শিৱসিংহীয়া শিয়াল-কটহীয়া গোন্ধ পৰিবৰ কপাই; কাৰণ, যাৰ যি বস্তু, কিন্তু বৰবৰুৱাৰ হলে এনে সাজেৰে অসমীয়া দৰ্শন কৰিলে তেওঁৰ “কোটী পুৰুষৰ” পাপ পলোৱা যেন লাগি গাটো পাতল পায়। অসমীয়াৰ নিচিনা এনে কোন সদাচাৰী জাতি আছে, যি স্কুল-কেছাৰী-বজাৰৰ পৰা আহি তামোল নেশায়; কাৰো ঘৰত আন কি, মিতিৰ কুটুমৰ ঘৰত, বা নিজ পুতেকৰ হাতে, সিদ্ধান্ন-পান্ন ভক্ষণ নকৰে? সৰহ কথাৰ সকাম কি, অসমীয়া জাতিৰ পুণ্যৰ বলতহে ভাৰতত আন আন জাতি আজিলৈকে তললৈ নোযোৱাকৈ আছে। পাপৰ গোহালি কলিকতাৰ গঙ্গাতীৰত যদি অসমীয়া ভেকো-ককাৰ পাটচেৰেক মৰচেৰেলা শৰ্ম্মা-বৰুৱা-খৰম নেথাকিল হেতেন এই কলিকতাক সাগৰে কেতিয়াবাই বুৰাই লেঠা-চিঙ্গি থলেহেঁতেন। দেশ-গৌৰৱ, বংশ-গৌৰৱ আৰু আত্ম-গৌৰৱ এই কেটা মহৎ গুণ অসমীয়াৰ সম্পূৰ্ণৰূপে থকাটো প্ৰমাণ কৰিবলৈ যোৱাটো বাহুল্য মাত্ৰ। বিদেশীমাত্ৰৰে প্ৰতি ঘৃণায়েই দেশ-গৌৰৱৰ প্ৰমাণ। বংশ গৌৰৱৰ কথা কবৰে সকাম নাই; “ভগা হক, ছিগা হক, ভূয়াৰ পোৱালী” কথাই অসমীয়াৰ বংশগৌৰৱৰ সাক্ষী। ভেম বুলি যে অসমীয়াৰ এটা সাত-পুৰুষীয়া বহুমুলীয়া সম্পত্তি আছে, সিয়েই