পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬৫
প্ৰত্নতত্ব

হৈ তাৰ ফলস্বৰূপে ডেকাসকলৰ মূৰৰ উধান খহি তাৰ ঠাইত লালুকীৰ নেগুৰ যেন একোডালি হব। সি, টিকনী নাম পাব। খোপ সমান হৈ মূৰ বুঢ়া ভালুকৰ টিকা যেন হব। লালুকীৰ ঠেং গজি জঁপিয়াই বাম উঠিলে যেনেকৈ নেগুৰ ডাল ছিগি পৰে, সেই ডেকাসকলৰো গাত বল-শক্তি হৈ বুঢ়াসকলৰ লগৰ পৰা জঁপিয়াই আঁতৰ হলেই টিকনি সৰি পৰিব। দাড়ি আৰু গোফ গোসাঁই, মহন্ত, আৰু ভকতসকলৰ চকুৰ কুটা, দাঁতৰ শাল হব। আঢ়ৈহতীয়া দীঘল চুলিতহে তেওঁবিলাকৰ মৰম সোপাই সোমাব। দাঁড়ত গামোছা মেলাদি মূৰত চুলি মেলি থোৱাটো বৰ ধুনীয়া। কথা বুলি তেওঁলোকে ভাবিব। চেঙ্গেলী-টোপোৱা-বৰশীৰ আগত বৰলটোপে যেনে শোভাকৰে, সেই মেলি দিয়া চুলিৰ আগত মৰাশাকৰ-জুৰ যেন সৰু গাথি এটাই তেওঁবিলাকৰ পিঠিত পৰি তেনে শোভাবৰ্দ্ধন কৰিব। যি তেনে শোভাৰ পক্ষপাতী নহব সি “ক্ৰাইষ্টাইন” বা বাবু নাম পাব পাৰিব! দাড়ি-গোফ তেওঁবিলাকৰ মুখৰ পৰা পলাই পত্ৰং দি ভাৱনাৰ মুখত ‘শৰণে পশিব।’ কিন্তু লাহে লাহে সেই যুগৰ উঠি অহা ডেকাসকলে দাড়ি গোফক অভয়দান দি নিজৰ গাল মুখত তুলি লব।

 “হে মহাভাগ! ভৰদীয় আনন্দবৰ্দ্ধনাৰ্থে আজি সংক্ষেপে এই পৰম ৰহস্য কথা ব্যক্ত কৰিলোঁ, ইয়াক শ্ৰৱণ মাত্ৰকে অন্ধই চক্ষু পায়, বন্ধ্যাই সন্তান লাভ কৰে, নিৰ্ধনীৰ ধন হয়, ছাকোলাই ডেও দি পৰ্ব্বত পাৰ হব পাৰে।” (পৰীক্ষা “পাছ” কৰিব পাৰিনে? )

  এই গল প্ৰত্নতত্বৰ কথা। এতিয়া আমি এই বিষয়ে আমাৰ নিজৰ সুদীৰ্ঘ, ‘সুশ্ৰাব্য’ সুকোমল, মনোহৰ, বক্তৃতা এবুৰিমান কৰি পাঠক আৰু পাঠিকাৰ মন চুৰ কৰি লৈ পলাই ফাঁট মাৰিম, তেওঁলোকে বিচাৰি চলথ কৰি কান্দি মৰিলেও আৰু আমাক নাপায়।

 ১ম বক্তৃতা— বিলাতৰ বিখ্যাত প্ৰত্নতত্ববিদ পণ্ডিত অধ্যাপক দ্ৰম্ (ঢোল ) চাহাবে মোলৈ লিখিছেঃ- প্ৰত্নতত্বৰ বিষয়ে আপোনাৰ অমানুষিক অধ্যৱসায়ৰ কথা শুনি আমি পৰম আনন্দিত হৈছোঁ এই মহৎ কাৰ্য্যৰ বাবে আপোনাক ধন্যবাদ দিবলৈ বিলাতত আমি এখন ৰাক্ষস ( monster) সভা কৰি আপোনাৰ স্বাস্থ্য পি খালোঁহঁক।

 ২য় বক্তৃতা।- -বনগাৱঁত, হগ চাহাবে লেখা সাঁচিপতীয়া পুথি এখন পুখুৰী খানোতে ওলাইছে, তাত দাড়ি, গোফ, চুলী আৰু কৃপাবৰ বৰবৰুৱাক নথৈ শলাগিছে

 

৫৯