পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৮
অসমীয়া সাহিত্যৰ চানেকি।

এজনক আগত থাকে মানে মনত ৰাখিছিল, আৰু তেও^ আগৰ পৰা নাইকিয়া হলে পাহৰিছিল, এতিয়া সেইজন আগৰ পৰা নাইকিয়া হলেহে তেওৰ তেওঁলৈ বেচিকৈ মনত পৰা হল। আগৰ ভালপোৱা আৰু মৰম মুখৰ কথা-বাৰ্ত্তাই জনাইছিল, এতিয়াৰ ভালপোৱা আৰু মৰম স্থিৰ চকু আৰু মুখৰ বৰণ সলনিয়ে জনায়।

 পাঠক, এই পৰিবৰ্ত্তনৰ কাৰণ কি কব পাৰে নে? পাৰে যদি ভালেই, নোৱাৰে যদি আমাক সোধক, আমিয়েই কওঁ। পদ্ম আৰু সূৰ্য্যৰ মাজত এতিয়া লৰাকলীয়া ভালপোৱা গৈ যৌৱন-সুলভ ভালপোৱাৰ উদ্ভৱ। পদ্মৰ ইচ্ছা, তেওঁ যেন চিৰকালৰ নিমিত্তে সূৰ্য্যৰ হাতত তেওঁৰ প্ৰাণ-মন সমৰ্পন কৰিব; সূৰ্য্যৰ মনতো এনে ভাব হল যে তেওঁৰ হিয়া যেন একেবাৰেই পদ্মক বিলাব; পদ্মক যেন তেওঁৰ চিৰদুখ-সুখৰ ভাগিনী আৰু চিৰসঙ্গিনী কৰিব। এই ইচ্ছাৰ বশবৰ্ত্তীহৈ উভয়ে উভয়ক মনতে বৰণ কৰিলে। কিন্তু প্ৰেম, সঙ্কল্প আৰু কাৰ্য্য এই বিলাকৰ ওপৰতো এজন নপতা-ফুকন আছে। সদীয়াত থাকি ধুবুৰিত প্ৰেম কৰিব পাৰি, ব্ৰহ্মকুণ্ডৰ পৰা সঙ্কল্প-ব্ৰহ্মপুত্ৰত উটি আহি উমানন্দত লাগিব পাৰি, সাতোটা নগা-পৰ্ব্বত বগাই ওপৰ চাঙ্গৰ নগাৰ কাষ পাবগৈ পাৰি, কিন্তু এই নপতা-ফুকন- জনৰ তাপত চাৰি আঙ্গুল আঁতৰত থকা এজনক এজনে পাব নোৱাৰি! এইজন নপতা-ফুকন ধনুৰ্দ্ধৰ কোন, জানেনে, পাঠক? এওঁকে বোলে লাজ। সময় নাই, অসময় নাই, ঠাই নাই, অঠাই নাই, এওঁ সদাই সকলোতে উপস্থিত। এওঁ মেঘতকৈও ওখ, সাগৰতকৈও বহল, পৃথিবীতকৈও ডাঙ্গৰ। এওঁৰ অশেষ কীৰ্ত্তি। সচাই মিচাই হকত অনাহকত লোকৰ, বিশেষকৈ অলপ-বয়সীয়া মানুহৰ, ওপৰত বৰ-মটা ওলোৱাত এওঁবৰ কাযী। চুকৰ বোৱাৰী কত চেপেটা লাগি পৰি আছে এওঁ তাতে ভুমুকিয়ালেগৈ; ন-দৰা কত বিয়া কৰিবলৈ গল, এওঁগৈ তাত উপস্থিত হল; কত কালৰ মূৰত গিৰীয়েক ঘৰলৈ উভতি আহিল, ঘৈনীয়েক আনন্দত উৎফুল্ল, কিন্তু ইমান ধাউতিৰ বস্তু গিৰীয়েক যেতিয়া আগত উপস্থিত হৈ মৰমৰ মাতেৰে ঘৈনীয়েকক মাতিলে, ততালিকে আমাৰ লাজ ডাঙ্গৰীয়া কৰবাৰ পৰা আহি ঠিয় হল, আৰু ঘৈনীয়েকৰ মূৰ দোঁখাই গল। হিমালয় পৰ্ব্বতৰ কাঞ্চন- জঙ্ঘা টিঙ্গক কাপ কৰি, লোন সাগৰক মহী কৰি লেখিবলৈ ধৰিলেও এই মহা- পুৰুষৰ গুণ-শীল নুধুকাই। এই লাজৰ তলতীয়া হৈয়েই পদুমে সূৰ্য্যক আৰু সূৰ্য্যই. পদুমক এতিয়ালৈকে তেওঁবিলাকৰ এই নতুন মনৰ ভাব ব্যক্ত কৰিব পৰা নাই। কিন্তু এই ভাব আন সাধাৰণ ভাবৰ নিচিনা নহয়। ইয়াৰ সহস্ৰ মুখ।